অসম

assam

ETV Bharat / state

Mission Basundhara : দুই অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰাৰ দ্বিতীয় সংস্কৰণ - Closing ceremony of first phase of Mission Basundhara

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিছন বসুন্ধৰাৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Closing ceremony of first phase of Mission Basundhara)। মিছন বসুন্ধৰাৰ যোগেদি ৮,১৩,৯৮১ খন আবেদনৰ নিষ্পত্তিৰ কথা প্ৰকাশ । আইনী জটিলতাৰ বাবে মিছন বসুন্ধৰাত বাতিল হৈছে ২,৩১,২৯৩ খন আবেদন । মধ্য আৰু নামনি অসমত অধিক বাতিল হৈছে আবেদন ।

Mission Basundhara
দুই অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰাৰ দ্বিতীয় সংস্কৰণ

By

Published : May 8, 2022, 10:39 PM IST

গুৱাহাটী, ৮ মে': ভূমি সম্পৰ্কীয় বিভিন্ন সমস্যা সমাধানৰ বাবে মুকলি কৰা মিছন বসুন্ধৰাৰ(Mission Basundhara) প্ৰথম পৰ্যায়ৰ সামৰণি পৰিল । এই উপলক্ষে দেওবাৰে গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিছন বসুন্ধৰাৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয় । মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰাজ্যৰ ৰাজহ ব্যৱস্থাৰ যুগান্তকাৰী পৰিৱৰ্তন সাধনৰ বাবে প্ৰৱৰ্তন কৰা মিছন বসুন্ধৰাৰ আজি আনুষ্ঠানিক সামৰণি পৰিল ।

৯ টা সেৱাৰে মিছন বসুন্ধৰা আৰম্ভ কৰা হৈছিল । বিগত বৰ্ষৰ ২ অক্টোবৰত মুকলি কৰা মিছন বসুন্ধৰাৰ যোগেদি ৮,১৩,৯৮১ খন আবেদনৰ নিষ্পত্তি কৰা হৈছে । এই কাৰ্যক বিৰল আখ্যা দি তেওঁ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অসমৰ লোকসেৱাৰ বুৰঞ্জীত মিছন বসুন্ধৰা সদায়ে স্মৰণীয় হৈ ৰ'ব । ইয়াৰে ৫,৮২,৬৬৮ খন আবেদন সকলো পক্ষক সন্তুষ্ট কৰি নিষ্পত্তি কৰা হৈছে ।

দুই অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰাৰ দ্বিতীয় সংস্কৰণ

তেওঁ লগতে কয় যে, মধ্য আৰু নামনি অসমত জনসংখ্যাৰ বিস্ফোৰণৰ বাবে ভূমিৰ নাটনি হৈছে । ভূমিৰ নাটনি হ'লে প্ৰতিযোগিতা হয় । সম্পদ সীমিত হ’লে সম্পদৰ দাম বৃদ্ধি পায় । য‍াৰ বাবে বহু সময়ত বহুতে দান কৰা মাটিও বিচাৰি আবেদন কৰে ।

মিছন বসুন্ধৰাৰ যোগেদি বহু কথাই জানিব পৰা গৈছে । কিদৰে ভূমিৰ নাটনিৰ বাবে শিক্ষা, স্বাস্থ্য আদি ক্ষেত্ৰত অদ্ভুতধৰণে হেঁচা পৰিছে । মিছন বসুন্ধৰাত বাতিল হোৱা আবেদনৰ সংখ্যা মধ্য আৰু নামনি অসমত বেছি বুলি সদৰি কৰি তেওঁ কয় যে উত্তৰ আৰু উজনি অসমত সফলতাৰ হাৰ বেছি । মিছন বসুন্ধৰাত ২,৩১,২৯৩ খন আবেদন বাতিল কৰা হৈছে । এইক্ষেত্ৰত থকা আইনী জটিলতা কথা তেওঁ উল্লেখ কৰে । তেওঁ লগতে কয় যে মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায় কিছু প্ৰত্যাহ্বান হ'ব ।

আগন্তুক ২ অক্টোবৰত আৰম্ভ হ'ব মিছন বসুন্ধৰাৰ দ্বিতীয় সংস্কৰণ (Second phase of Mission Basundhara) । তেওঁ মিছন বসুন্ধৰাৰ দ্বিতীয় সংস্কৰণৰ বিভিন্ন দিশ উল্লেখ কৰে । ১১ মে'ৰ পৰা মিছন বসুন্ধৰাৰ অধীনৰ সকলো সেৱা rtps.assam.gov.in যোগে উপলব্ধ হ’ব । তদুপৰি কামৰূপ (মহানগৰ) আৰু কামৰূপত কম্প'জিট ভূমি হস্তান্তৰ সেৱা আৰু ৰাজ্যখনৰ বিভিন্ন জিলাত অৱস্থিত ১,০৭৪খন অনা-জৰীপ গাঁৱৰ বিতং জৰীপৰ প্ৰকল্পও আৰম্ভ কৰা হৈছে ।

ইতিমধ্যে বিভিন্ন জিলা আৰু চক্ৰ বিষয়াসকলক মিছন বসুন্ধৰাৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰাৰ বাবে বঁটাৰে সন্মানিত কৰা হৈছে ।

ৰাইজৰ স্বাৰ্থত এইসকল কৰ্মচাৰীয়ে আগবঢ়োৱা সমৰ্পিত সেৱাৰ বাবে তেওঁলোকক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে স্বীকৃতিৰ চিনস্বৰূপে এই প্ৰকল্পৰ লগত জড়িত কৰ্মচাৰীসকলক তেওঁলোকৰ দৰমহাৰ মূল বেতনৰ হাৰত এক মাহৰ অতিৰিক্ত বেতন প্ৰদান কৰাৰ সিদ্ধান্তৰ কথা উল্লেখ কৰে । অনুষ্ঠানত ৰাজহ মন্ত্ৰী যোগেন মোহন, মুখ্য সচিব জিষ্ণু বৰুৱাৰ উপৰি ভালেসংখ্যক চৰকাৰী বিষয়া উপস্থিত আছিল ।

লগতে পঢ়ক:এবছৰীয়া কাৰ্যকালক ৰাজনৈতিকভাৱে সোণোৱালী যাত্রা হিচাপে অভিহিত মুখ্যমন্ত্রীৰ

ABOUT THE AUTHOR

...view details