অসম

assam

ETV Bharat / state

Y20 Summit 2023: Y20 সন্মিলনত প্ৰদৰ্শিত হ'ব যুৱ প্ৰজন্মৰ ধাৰণা: কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ

আই আই টি গুৱাহাটীত অনুষ্ঠিত ৱাই-২০ সন্মিলনৰ দ্বিতীয় দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয় (Second day programme of Y20) । বিশিষ্ট বক্তা আৰু পেনেলিষ্টসকলে ৱাই-২০ৰ পাঁচটা বিষয়ৰ পেনেল আলোচনাত অংশগ্ৰহণ কৰে ।

By

Published : Feb 8, 2023, 6:51 AM IST

Second day of Y20 conference held in IIT Guwahati
আই আই টি গুৱাহাটীত Y20 সন্মিলনৰ দ্বিতীয় দিন

গুৱাহাটী, 8 ফেব্ৰুৱাৰী: ৱাই-২০ সন্মিলনৰ আৰম্ভণিৰ মঙলবাৰে দ্বিতীয় দিনটো আই আই টি গুৱাহাটীৰ বিস্তৃত চৌহদত আৰম্ভ হয় (IIT Guwahati) । যুৱ প্ৰতিনিধিসকলে পুৱা যোগাভ্যাস আৰু সাতশ একৰজুৰি বিয়পি থকা আই আই টি চৌহদত খোজকাঢ়ি এই সন্মিলনৰ শুভাৰম্ভ কৰে (Delegates of Y20 participate in Yoga session in Guwahati)। আনহাতে বুধবাৰে বিয়লি কেন্দ্ৰীয় ক্ৰীড়া, যুৱ পৰিক্ৰমা আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে 'যুৱ মন্ত্ৰীৰ সৈতে যুৱ বাৰ্তালাপ'ত অংশগ্ৰহণ কৰে ৷

আই আই টি গুৱাহাটীত Y20 সন্মিলনৰ দ্বিতীয় দিন

বাৰ্তালাপত অংশগ্ৰহণ কৰি কয় যে ৱাই-২০ ভাৰত সন্মিলনে যুৱকেন্দ্ৰিক প্ৰচেষ্টাৰ উদাহৰণ দাঙি ধৰিছে আৰু যুৱসকলৰ নীতিগত ব্যৱস্থাসমূহ প্ৰদৰ্শন কৰিছে । তেওঁ কয় যে ভাৰতৰ জনগাঁথনি দ্ৰুত সামাজিক, অৰ্থনৈতিক, পাৰিপাৰ্শ্বিক আৰু প্ৰযুক্তিগত উদ্ভাৱন তথা উন্নয়নৰ যুগৰ সূচনা কৰিবলৈ অনন্যভাৱে সাজু হৈছে (Y20 Summit 2023) ।

ভাৰতীয় গণতন্ত্ৰৰ অমৃত কালত যুৱসকলৰ সুযোগ সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, অমৃত কাল হৈছে সুযোগ আৰু দেশৰ প্ৰতি কৰ্তব্য পালনৰ কাল । ইফালে আই আই টি গুৱাহাটীত আৰম্ভণি সন্মিলনৰ দ্বিতীয় দিনা যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ যুৱ পৰিক্ৰমা সচিব মিতা ৰাজীৱলোচনে আদৰণি ভাষণ প্ৰদান কৰে (Y20 summit in Guwahati)।

আই আই টি গুৱাহাটীত Y20 সন্মিলনৰ দ্বিতীয় দিন

সচিবগৰাকীয়ে জি-২০ অধ্যক্ষতাৰ মূল বিষয় - 'এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত'ৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে ই আমাক সকলোকে একাধিক ধৰণে প্ৰভাৱিত কৰে আৰু ৱাই-২০ৰ লক্ষ্য হৈছে যিকোনো দেশৰ গঠনমূলক নীতি গ্ৰহণ কৰাৰ সামৰ্থ্য বিকশিত কৰা । যি এক সুন্দৰ, সামগ্ৰিক, সুখী আৰু সমৃদ্ধ সমাজৰ বাবে এক উন্নত ভৱিষ্যত গঢ়ি তোলাৰ বাবে তেওঁলোকৰ সামৰ্থ্য নিৰ্ধাৰণ কৰিব ।

দ্বিতীয় দিনৰ কাৰ্যসূচীত কেইবাটাও বিষয়ত আলোচনা অনুষ্ঠিত হয় । 'শান্তি-নিৰ্মাণ আৰু মীমাংসা: যুদ্ধবিহীন যুগৰ সূচনা' শীৰ্ষকপেনেলত উপস্থিত আছিল ভাৰত চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী জেনেৰেল ভি কে সিং, সাংসদ তেজস্বী সূৰ্য, লেফটেনেণ্ট জেনেৰেল সতীশ দোৱা, ডিজিপি জ্ঞানেন্দ্ৰ প্ৰতাপ সিং, এডিগিপি হীৰেন চন্দ্ৰ নাথ, আত্মসমৰ্পনকাৰী বিদ্ৰোহী নেতা বিপুল কলিতা আৰু বিনোৱেল ৱাৰী ।

আই আই টি গুৱাহাটীত Y20 সন্মিলনৰ দ্বিতীয় দিন

আনহাতে দ্বিতীয় কাৰিকৰী অধিৱেশনৰ বিষয় আছিল 'কৰ্মৰ ভৱিষ্যত: উদ্যোগ ৪.০, উদ্ভাৱন আৰু একবিংশ শতিকাৰ দক্ষতা'। ইয়াত উদ্যোগপতি জি ডি ধনুকা, জিই এভিয়েচনৰ মুখ্য পৰামৰ্শ অভিযন্তা ডি উমা মহেশ্বৰ, মাৰুত ড্ৰোনটেকৰ প্ৰতিষ্ঠাপক প্ৰেম কুমাৰ আৰু মুখ্য উদ্ভাৱক তথা তিৰুপতি হাইড্ৰজেন এনাৰ্জি লেবৰ আই আই টিৰ অধ্যাপক পি মুথুকুমাৰৰ লৈ এই পেনেলখন গঠন কৰা হৈছিল ।

আই আই টি গুৱাহাটীত Y20 সন্মিলনৰ দ্বিতীয় দিন

অধিৱেশনখন গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক আৰু মুৰব্বী ড৹ ৰাখী চতুৰ্বেদীয়ে পৰিচালনা কৰিছিল । প্ৰেম কুমাৰে তেওঁৰ ভাষণত কৃষি, সামগ্ৰী বিতৰণ আদি ক্ষেত্ৰত ড্ৰোন প্ৰযুক্তিৰ বহুমুখী ব্যৱহাৰ উপস্থাপন কৰে । জিই এভিয়েচনৰ মুখ্য পৰামৰ্শ অভিযন্তা ড৹ উমা মহেশ্বৰে উদ্যোগ ৪.০-য়ে কেনেদৰে কৰ্ম বিপ্লৱৰ সূচনা কৰিছে সেই সন্দৰ্ভত মন্তব্য কৰে ।

ইয়াৰ পিছত 'জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগৰ বিপদাশংকা হ্ৰাস : বহনক্ষমতাক জীৱনৰ এক উপায় হিচাপে প্ৰস্তুত কৰা' শীৰ্ষক বিষয়ত আলোচনা অনুষ্ঠিত হয় । ইয়াৰ বাবে পেনেলত বিজ্ঞানী ড৹ শিল্পী কুছৱাহা, হাড়গিলা আৰ্মীৰ প্ৰতিষ্ঠাপক পূৰ্ণিমা দেৱী বৰ্মন, সামাজিক উদ্যমী ঋতুৰাজ ফুকন, আই আই টি গুৱাহাটীৰ অধ্যাপক ড৹ অক্ষয় কুমাৰ আৰু উদ্যোগী ড৹ প্ৰতীক কানাকিয়া উপস্থিত আছিল ।

আই আই টি গুৱাহাটীত Y20 সন্মিলনৰ দ্বিতীয় দিন

জলবায়ু পৰিৱৰ্তন আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণৰ দ্বাৰা জৈৱ বৈচিত্ৰ্য বৰ্তাই ৰখাৰ ৰণনীতিৰ ওপৰত এক গভীৰ আলোচনা এই বৈঠকখনত কৰা হয় । বৈঠকখন আই আই টি গুৱাহাটীৰ অধ্যাপক অনামিকা বৰুৱাই পৰিচালনা কৰে ।

চতুৰ্থতে 'ভাগ-বতৰা কৰা ভৱিষ্যত: গণতন্ত্ৰ আৰু শাসনত যুৱসমাজ' বিষয়ৰ আলোচনাত অসম যুৱ আয়োগৰ সদস্য মিতা নাথ বৰা, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক অংকুৰ জ্যোতি ভূঞা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড৹ বিকাশ ত্ৰিপাঠী আৰু দিল্লী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক অভিনৱ প্ৰকাশে অংশগ্ৰহণ কৰে ।

এই পেনেলখন আই আই টি গুৱাহাটীৰ সহযোগী অধ্যাপক পাহি ডেকাই পৰিচালনা কৰে । যুৱসমাজে কেনেকৈ এখন ৰাষ্ট্ৰৰ বিকাশত অৰিহণা যোগাব পাৰে তাৰ ওপৰত বিশদ আলোচনা অনুষ্ঠিত কৰা হয় ।

ভাৰতে ২০২৩ চনত জি-২০ৰ অধ্যক্ষতা কৰাৰ পৰিপ্ৰেক্ষিতত মানৱকেন্দ্ৰিক বিকাশক অগ্ৰাধিকাৰ দিয়া আৰু বিশ্বক এনে এটা পৰিয়াললৈ ৰূপান্তৰ কৰাৰ ধাৰণা যি বিশ্ব ভ্ৰাতৃত্বৰ ধাৰণা প্ৰতিষ্ঠা কৰে আৰু ইয়াক সাৰ্বজনীনভাৱে গ্ৰহণ কৰাটো প্ৰয়োজন, এই সন্দৰ্ভত পেনেলিষ্টসকলে গুৰুত্ব আৰোপ কৰে ।

পেনেলিষ্টসকলে আত্মনিৰ্ভৰ ভাৰতৰ বিভিন্ন দিশো উল্লেখ কৰে আৰু কয় যে যুৱসমাজ হৈছে এনে এক তন্ত্ৰ যি একেলগে উদ্ভাৱন তথা বিকাশক একত্ৰিত কৰে আৰু আত্মনিৰ্ভৰ ভাৰতৰ পৰিস্থিতিতন্ত্ৰই উদ্ভাৱনৰ দিশে আগুৱাই গৈছে । য'ত যুৱচামে সম্পূৰ্ণ শক্তিৰে অংশগ্ৰহণ কৰিছে ।

আনহাতে 'স্বাস্থ্য, কল্যাণ আৰু ক্ৰীড়া : যুৱসকলৰ বাবে কাৰ্যসূচী' শীৰ্ষক বিষয়ৰ আলোচনাত পেনেলিষ্ট হিচাপে আছিল খেলুৱৈ সৰিতা দেৱী, জেষ্ঠ চিকিৎসক ড৹ অসীমা হাওবিজাম, বিধায়ক শ্ৰেয়াসী সিং আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা বিভাগৰ মুৰব্বী ড৹ উজ্জল মাস্কে ।

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক ড৹ বিথিয়াহ গ্ৰেছ জগনাথনে বৈঠকখন পৰিচালনা কৰে । পেনেলিষ্টসকলে মানসিক সুস্থতা, মানসিক কল্যাণত ক্ৰীড়াৰ ভূমিকা আৰু পৰম্পৰাগত ভাৰতীয় ঔষধে যুৱসকলৰ সামগ্ৰিক কল্যাণত কেনেদৰে সহায় কৰিব পাৰে সেই বিষয়ে আলোচনা কৰে । যুৱসকলৰ মাজত ক্ৰীড়াৰ প্ৰতি উৎসাহ বৃদ্ধি কৰাৰ বাবে চৰকাৰে ব্যক্তিগত বিকাশ তথা খেলো ইণ্ডিয়াৰ দৰে মহান পদক্ষেপৰ জৰিয়তে দেশৰ বিকাশত ক্ৰীড়াৰ প্ৰচাৰ আৰু সমৰ্থন আগবঢ়াইছে ।

লগতে পঢ়ক:Y20 in Guwahati: গুৱাহাটীত Y20ৰ আৰম্ভণি বৈঠকৰ শুভাৰম্ভ

ABOUT THE AUTHOR

...view details