আমিনগাঁও,26 এপ্ৰিলঃ লক ডাউনৰ মাজতে ৰাজ্য চৰকাৰে তিনিদিনৰ বাবে আন্তঃজিলা বাছ চলাচলৰ বাবে অনুমোদন প্ৰদান কৰিছে ৷ শনিবাৰৰ পৰা বাছ চলাচল আৰম্ভ হোৱাৰ পিছতে দেওবাৰে দ্বিতীয় দিনাও আমিনগাঁও নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত ভিৰ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যাব লগা যাত্ৰীসকলে ৷ দেওবাৰেও আমিনগাঁও নুমলী জলাহ পেৰেড গ্ৰাউণ্ডৰ পৰা ৰাজ্যৰ বিভিন্ন জিলালৈ বাছ চলাচল আৰম্ভ হয় ৷
আন্তঃজিলা বাছ চলাচলৰ দ্বিতীয় দিনঃ আমিনগাঁৱত যাত্ৰীৰ ভিৰ - Assam Lock down
শনিবাৰৰ পৰা বাছ চলাচল আৰম্ভ হোৱাৰ পিছতে দেওবাৰে দ্বিতীয় দিনাও আমিনগাঁও নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত ভিৰ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যাবলগা যাত্ৰীসকলে ৷ দ্বিতীয় দিনৰ বাবে কামৰূপ জিলাত আবদ্ধ ২০০০ লোকক অনুমোদন প্ৰদান কৰিছে জিলা প্ৰশাসনে ৷
আন্তঃজিলা বাছ চলাচলৰ দ্বিতীয় দিনঃ আমিনগাঁৱত যাত্ৰীৰ ভিৰ
উল্লেখ্য যে, দ্বিতীয় দিনৰ বাবে কামৰূপ জিলাত আবদ্ধ ২০০০ লোকক অনুমোদন প্ৰদান কৰিছে জিলা প্ৰশাসনে ৷ সামাজিক দুৰত্ব বজাই ৰাখি একোখন বাছত 20ৰ পৰা 25জন যাত্ৰী যোৱাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে ৷
লগতে পঢ়ক-লক ডাউন ভংগঃ ৰঙিয়াত আটক 20 জন