গুৱাহাটী, ৩০ ডিচেম্বৰঃ আজি দ্বিতীয় দিনা গ্ৰন্থপ্ৰেমীৰ সমাৱেশে উমাল কৰি তোলে অসম গ্ৰন্থমেলা, গুৱাহাটী ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে চান্দমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা গ্ৰন্থমেলাত বিশিষ্ট লেখক-সাহিত্যিক আৰু পাঠকৰ উপস্থিতিয়ে আশাৰ বতৰা দিছে ৷
গ্ৰন্থমেলাৰ উদ্বোধনীৰ দিনাৰ পৰাই আৰম্ভ হোৱা কিতাপ বিক্ৰীয়ে প্ৰকাশন গোষ্ঠীসমূহৰ মাজতো আশাৰ সঞ্চাৰ কৰিছে ৷ শনিবাৰে বিয়লি ৩ বজাত অসম প্ৰকাশন পৰিষদে গন্থমেলাৰ বাকৰিত আয়োজন কৰে “ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাসৰ বিষয়বস্তুৰ বিশেষত্ব” শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ ৷
ড৹ ভট্টাচাৰ্যৰ জন্ম শতবৰ্ষ উপলক্ষে আয়োজন কৰা আলোচনা সত্ৰখন সঞ্চালনা কৰি সাহিত্য-সমালোচক ড৹ গোৱিন্দ প্ৰসাদ শৰ্মাই কয় যে অসম প্ৰকাশন পৰিষদে এনে এটা বিষয়ক লৈ আলোচনা সত্ৰ অনুষ্ঠিত কৰাটো অতি গুৰুত্বপূৰ্ণ ৷ কাৰণ ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিষয়বস্তু চমকপ্ৰদ ৷ এসময়ত ভবা হৈছিল ৰাজনীতি কেৱল ৰাজনীতিকসকলৰ বিষয় ৷ সাহিত্যৰ বাবে এয়া নিৰস ৷ কিন্তু ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই বিৰল সাহস দেখুৱাই অসমীয়া সাহিত্যক ৰাজনৈতিক বিষয়েৰে চমকপ্ৰদভাৱে চহকী কৰিছে ৷ কেঁকুৰি কাটি অসমীয়া উপন্যাসক নতুন বাট দেখুৱাইছে ৷ সমাজ চেতনাৰে উজ্জ্বল আৰু মানুহৰ হকে সাহসেৰে নতুনত্বৰ সন্ধানেৰে ড৹ ভট্টাচাৰ্যই অসমীয়া উপন্যাসক ঐশ্বৰ্যশালী কৰিছে ৷
আলোচনা সত্ৰখনত অতিথি আলোচকৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক-সমালোচক ড৹ প্ৰাণজিৎ বৰাই কয় যে ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বৌদ্ধিক চেতনাৰে সমৃদ্ধ হৈছিল ৰামধেনু, নৱযুগ আদি আলোচনীসমূহ ।
তেওঁ আধুনিক অসমীয়া উপন্যাসক ঐতিহ্যক ঋদ্ধ কৰিছে ৷ প্ৰাচ্য আৰু পাশ্চাত্যৰ অভিঘাতত সৃষ্ট ধাৰাটোক তেওঁ চহকী কৰিছে ৷ অৱশ্যে ‘ঈয়াৰুইঙ্গম’ আৰু ‘মৃত্যঞ্জয়’ৰ যি কলা-শৈলী সেয়া বাকীসমূহত বেলেগ ৰূপত প্ৰকাশিত হৈছে ৷ বাস্তৱবাদিতাৰে নিজক নিয়ন্ত্ৰিত কৰিও অসমীয়া উপন্যাসক এক সুস্বাস্থ্য প্ৰদান কৰিছে ৷ সমাজ-ৰাজনীতি আৰু আৰ্থ-সামাজিক পৰিণতিৰ দূৰদৃষ্টিয়ে তেওঁৰ সৃষ্টিৰাজিক প্ৰাসংগিক কৰি ৰাখিছে ৷
‘ঘোলাই কেৰাণীৰ বিহু’, ‘পঞ্চ পলাশ’ কবিতা দুটি পাঠ কৰি ইয়াৰো তেওঁ বিশ্লেষণ আগবঢ়ায় ৷ ইয়াত অতিথিৰূপে বিষয় প্ৰসংগত আলোচনা আগবঢ়ায় সাহিত্যিক ড৹ বিনীতা বৰা দেৱচৌধুৰীয়ে ৷ তেওঁ কয় যে ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য প্ৰথম আধুনিক অসমীয়া সাহিত্যিক যিয়ে অসমীয়া সাহিত্যক ভাৰতবৰ্ষতে কেৱল নহয় বিশ্বত প্ৰতিষ্ঠা কৰিছে ৷ তেওঁৰ ২৪ খন উপন্যাস ৷
ইয়াত আছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমাজৰ ৰাজৈতিক দৰ্শন আৰু চিৰ প্ৰাসংগিক প্ৰশ্নসমূহ৷ জীৱনবোধ আৰু মানৱীয় প্ৰমূল্য তেওঁৰ বিষয়বস্তুৰ বিশেষত্ব ৷ ‘আই’ ইয়াৰ অন্যতম উদাহৰণ ৷ আধুনিক মানুহৰ চেতনাস্ৰোতে তেওঁৰ উপন্যাসৰ চৰিত্ৰসমূহক উজলাই তুলিছে ৷ সধাৰণ চৰিত্ৰসমূহো গভীৰ মনস্তত্ত্বৰে অসাধাৰণ হৈ পৰে ৷ প্ৰেমৰ জটিলৰূপ আৰু ইয়াৰ সুক্ষ্ম বিশ্লেষণ ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাসৰ এক বৈশিষ্ট্য ৷