নিউজ ডেস্ক, 13 মাৰ্চ:সোমবাৰে অনুষ্ঠিত নহ’ল ছেবাৰ অধীনত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা ৷ পৰীক্ষাৰ আগদিনা অৰ্থাৎ কালি প্ৰশ্নকাকত ফাদিল হোৱাৰ পাচতেই ছেবাই বাতিল কৰে এই পৰীক্ষা ৷ ছেবাৰ সচিবে শেহতীয়াকৈ জনোৱা মতে অহা 30 মাৰ্চত পুনৰ অনুষ্ঠিত কৰা হ’ব এই পৰীক্ষা ৷ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱেও এই কথা প্ৰকাশ কৰিছে টুইটাৰযোগে (HSLC Gen Science exam on 30th March) ৷
ছেবাৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি সচিব নৰনাৰায়ণ নাথে কয়, ‘‘বাতিল হোৱা সাধাৰণ বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হ’ব ৩০ মাৰ্চত পুৱা ৯ বজাৰ পৰা । ইতিমধ্যে CID ত এজাহাৰ দাখিল কৰিলোঁ । আৰম্ভ হৈছে তদন্ত । আশা কৰিছোঁ অচিৰেই এই দুষ্কাৰ্যত জড়িত লোক ধৰা পৰিব আৰু শাস্তি লাভ কৰিব ।’’
তেওঁ লগতে কয়, ‘‘প্ৰশ্ন কাকত প্ৰস্তুত প্ৰেৰণ কৰাটো এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে হয় ৷ কিন্তু তাৰ মাজত বেমেজালি কিয় হৈছে সেয়া তদন্তত ওলাব । এই দুৰ্ভাগ্য জনক পৰিস্থিতিত আমিও মৰ্মাহত হৈছোঁ । যি উৎসাহেৰে আজি শিক্ষাৰ্থীসকল আহিছিল, আমি আশা কৰো ৩০ তাৰিখেও আহিব এইদৰেই । দিছপুৰ মণ্ডলৰ পৰা প্ৰশ্ন হেৰোৱাৰ কথা আমি অৱগত নহয় ।’’
লগতে পঢ়ক :HSLC Exam 2023: বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাক কেন্দ্ৰ কৰি বিৰোধীৰ প্ৰতিক্ৰিয়া
আনহাতে, ধনৰ লেনদেন হোৱা বুলি শান্তিকাম হাজৰিকাই ছেবাৰ ওপৰত যি গুৰুত্বৰ অভিযোগ আনিছিল, সেয়া নাকচ কৰে সচিবগৰাকীয়ে । ইপিনে গণিৰগ্ৰামত বাতিল হোৱা ইংৰাজী পৰীক্ষা ২৮ মাৰ্চত পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব বুলি মন্তব্য কৰে নৰনাৰায়ণ নাথ । তেওঁ প্ৰতিটো পৰীক্ষাই আমাৰ বাবে অভিজ্ঞতা বুলি কয়৷ ছেবাই ছাত্ৰ-ছাত্ৰীৰ 200 শতাংশ ভালকৈ বাবে কাম কৰি যাব বুলিও মন্তব্য কৰে সচিব নাথে ।
উল্লেখ্য যে, দেওবাৰে পৰীক্ষা বাতিল তথা প্ৰশ্নকাকত ফাদিলৰ বিষয়টো সৰ্বত্ৰে বিয়পি পৰাৰ পাচতেই ছেবাক সমালোচনাৰে থকা সৰকা কৰিছে সচেতন মহলে ৷ ইয়াৰ লগতে বহুতেই শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পদত্য়াগো দাবী কৰে ৷ কোনো এটা পৰীক্ষাকেই সুকলমে অনুষ্ঠিত কৰিব নোৱৰা ছেবাৰ বাবে অৱশ্যে এই বদনাম নতুন নহয় (SEBA exam paper controversy) ৷