অসম

assam

ETV Bharat / state

New rules Implement in SEBA : নৱম-দশম শ্ৰেণীৰ বাবে বিশেষ ছয়মাহিলী পৰীক্ষা - ছেবাত নতুন নিয়ম কাৰ্যকৰী

ছেবাত নতুন নিয়ম কাৰ্যকৰী(New rules Implement in SEBA) ৷ 15 ডিচেম্বৰৰ ভিতৰত ছেবাই পাতিব বিশেষ ছয়মাহিলী পৰীক্ষা ৷ পৰীক্ষা নিদিলে 2022 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাত বহিব নোৱাৰিব ছাত্ৰ-ছাত্ৰীসকল ৷

SEBA conduct special half yearly exam
ছেবাৰ পৰীক্ষাৰ নতুন নিয়ম

By

Published : Nov 28, 2021, 1:29 PM IST

Updated : Nov 28, 2021, 10:15 PM IST

গুৱাহাটী, 28 নৱেম্বৰ :অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই অনুষ্ঠিত কৰিব বিশেষ পৰীক্ষা(special half yearly exam by SEBA) ৷ নৱম আৰু দশম শ্ৰেণীৰ ছয়মাহিলী পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ ছয়মাহিলী পৰীক্ষা অনুষ্ঠিত কৰিব ছেবাই ৷ এই নতুন নিয়ম কাৰ্যকৰী(New rules Implement in SEBA) কৰিছে ছেবাই ৷

ছেবাই বিশেষ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাত অনুতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও বিশেষ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি জাননী জাৰি কৰিছে (SEBA conduct special HSLC exam) ৷ ছেবাই জাৰি কৰা জাননী অনুসৰি 2021 চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হোৱা নৱম আৰু দশম শ্ৰেণীৰ ছয়মাহিলী পৰীক্ষাত ৰাজ্যৰ একাংশ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ’ব পৰা নাছিল ৷ সেইবাবে সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে এই বিশেষ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে ৷

লগতে মেট্ৰিক আৰু হাই মাদ্ৰাছ পৰীক্ষাত অনুতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ বাবেও পৰীক্ষা অনুষ্ঠিত কৰা হ’ব ৷ ডিচেম্বৰ মাহৰ 15 তাৰিখৰ ভিতৰত ছয়মাহিলী পৰীক্ষা সমূহ অনুষ্ঠিত কৰা হ’ব বুলিও ছেবাই জানিবলৈ দিয়ে ৷ দশম শ্ৰেণীৰ ছয়মাহিলী পৰীক্ষা নিদিয়া ছাত্ৰ-ছাত্ৰী সকলক 2022 বৰ্ষৰ মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ অনলাইন প-পত্ৰ পূৰণ কৰিবলৈ অনুমতি দিয়া নহ’ব বুলি ছেবাই জনায় ৷

ছেবাই বিদ্যালয়সমূহক ১৫ ডিচেম্বৰৰ ভিতৰত পৰীক্ষা সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে ৷ লগতে কোৱা হৈছে যে, বিশেষ ছমহীয়া পৰীক্ষাৰ শিক্ষাৰ্থীসকলৰ শ্ৰেণী অনুসৰি তেওঁলোকৰ নম্বৰৰ লগতে অন্যান্য ৰেকৰ্ডবোৰ অনলাইন পৰ্টেলত অন্তৰ্ভুক্ত কৰিব লাগিব ৷ শিক্ষাৰ্থীসকলৰ পূৰ্বৰ ছমহীয়া পৰীক্ষাৰ ৰেকৰ্ডো এই প’ৰ্টেলত অন্তৰ্ভুক্ত কৰিব লাগিব ৷

ছেবাৰ অধিসূচনাত আৰু কোৱা হৈছে যে, বিদ্যালয়সমূহ নিশ্চিত হ’ব লাগে যে যদিহে দশম শ্ৰেণীৰ কোনো শিক্ষাৰ্থীয়ে পুনৰ বিশেষ ছয়মহীয়া পৰীক্ষাত অৱতীৰ্ণ নহয় তেন্তে পৰৱৰ্তী হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাই মাদ্ৰাছাৰ পৰীক্ষাৰ অনলাইন প-পত্ৰ পূৰণ কৰিবলৈ অনুমতি প্ৰদান কৰা নহ’ব ৷

লগতে চাওক :মেট্ৰিকত মাতৃভাষাক উপেক্ষা নকৰিবলৈ আহ্বান অসম জাতীয় পৰিষদৰ

Last Updated : Nov 28, 2021, 10:15 PM IST

ABOUT THE AUTHOR

...view details