গুৱাহাটী, ১৫ নৱেম্বৰ:পুনৰঅসম মাধ্যমিক শিক্ষা পৰিষদৰ চূড়ান্ত গাফিলতিৰ নিদৰ্শন ৷ বন্ধৰ দিনত পৰীক্ষা অনুষ্ঠিত কৰি দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিছিল সততে বিতৰ্কত থকা অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ ৷
ভুল ধৰিব পাৰি উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ সময়সূচীৰ সালসলনি কৰিলে ছেবাই । চৰকাৰী বন্ধৰ বাবে পৰীক্ষাৰ সময়সূচী সলনি কৰিলে ছেবাই । ৰাজ্য চৰকাৰে প্ৰকাশ কৰা ২০২৪ বৰ্ষৰ চৰকাৰী বন্ধ তালিকাৰ বাবেই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচীত কিছু সালসলনি কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই ।
এই সন্দৰ্ভত ছেবাই জাৰি কৰা এক নির্দেশনা অনুসৰি সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষা অহা ২০ ফেব্ৰুৱাৰীৰ আগবেলাৰ পৰিবর্তে ১৯ ফেব্ৰুৱাৰীৰ আগবেলা (পুৱা ৯ বজাৰ পৰা ১২ বজালৈ) অনুষ্ঠিত কৰা হ'ব । একেদৰে সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা ২৬ ফেব্ৰুৱাৰীৰ আগবেলাৰ পৰিবৰ্তে ২৭ ফেব্ৰুৱাৰীৰ আগবেলা অনুষ্ঠিত হ'ব । উৱেভিং এণ্ড টেক্সটাইল ডিজাইন আৰু বড়ো ঐচ্ছিক বিষয়ৰ পৰীক্ষা ২৭ ফেব্ৰুৱাৰীৰ আগবেলাৰ পৰিবৰ্তে সেইদিনাই পিচবেলা ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ'ব ।