গুৱাহাটী,১২ নৱেম্বৰ :আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে ছেবাই প্ৰ-পত্ৰ পূৰণৰ সময়সীমা ১৫ নৱেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ ধাৰ্য কৰিছে (HSLC exam form filling up last date)। উক্ত সময়ছোৱাৰ ভিতৰত পৰীক্ষাৰ্থীসকলে অনলাইনযোগে প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব । ছাত্র-ছাত্রীসকলে ২০ ডিচেম্বৰৰ ভিতৰত মাচুল আদায় দিব লাগিব আৰু ২২ ডিচেম্বৰত প্ৰ-পত্ৰ পূৰণৰ শুধৰণি কৰিব পাৰিব ।
দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মাচুল ৰেহাই দিয়া হৈছে যদিও অন্য পৰীক্ষাৰ্থীসকলে ২২০০ টকাকৈ মাচুল আদায় দিব লাগিব (HSLC form filling up fees)। ইয়াৰ ভিতৰত পৰীক্ষা মাচুল হিচাপে ৭০০ টকা, পৰীক্ষা কেন্দ্ৰৰ মাচুল হিচাপে ৩৫০ টকা, বার্ষিক পঞ্জীয়ন মাচুল হিচাপে ১০০০ টকা আৰু ব্যাৱহাৰিক পৰীক্ষাৰ বাবে অতিৰিক্ত ১৫০ টকা মেট্ৰিক পৰীক্ষাৰ্থীসকলে প্ৰ-পত্ৰ পূৰণৰ লগতে আদায় দিব লাগিব । ছেবাৰ সচিবে এক জাননী যোগে এই কথা প্ৰকাশ কৰিছে ।