গুৱাহাটী, 25 অক্টোবৰ:এখন গৰাকীবিহীন চাৰিচকীয়া বাহনে চাঞ্চল্যৰ সৃষ্টি কৰিছে জালুকবাৰীত। বৃহস্পতিবাৰে নিশা শৰাইঘাট দলঙত উদ্ধাৰ হয় এখন গৰাকীবিহীন স্ক'ৰপিঅ' বাহন। গাড়ীখনৰ কোনো গৰাকী নোলোৱাৰ ফলত শুকুৰবাৰে জালুকবাৰী আৰক্ষী চকীলৈ লৈ আহে বাহনখন। বাহনখন পুলিচ ৰিৰ্জাভৰ বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি উক্ত বাহনখনৰ চালক ৰমেন মালাকাৰ নামৰ এজন লোক। কিন্তু নিশা অতি ৰহস্যজনকভাৱে শৰাইঘাট দলঙত বাহনখন কোনে আৰু কি উদ্দেশ্যে এৰি থৈ যায় সেই বিষয়ে জানিব পৰা নাই আৰক্ষীয়ে ৷
শৰাইঘাটত উদ্ধাৰ গৰাকীবিহীন বাহন: সম্ভেদ নাই গৰাকীৰো
সম্ভেদ নাই উক্ত গাড়ীখনৰ চালক ৰমেন মালাকাৰ। ইতিমধ্যে জালুকবাৰী আৰক্ষী চকীত উপস্থিত হৈছে ব্যক্তিগৰাকীৰ পৰিয়াল। ৰমেনে শৰাইঘাটৰ পৰা জঁপিয়াই আত্মহনন কৰা বুলিও সন্দেহ কৰিছে একাংশই ৷ আনহাতে কোনো দুৰ্বৃত্তই অপহৰণ কৰি নিয়াৰো সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালে।
গুৱাহাটী
আনহাতে সম্ভেদ নাই গাড়ীখনৰ চালক ৰমেন মালাকাৰৰো। ইতিমধ্যে জালুকবাৰী আৰক্ষী চকীত উপস্থিত হৈছে ব্যক্তিগৰাকীৰ পৰিয়াল। ৰমেন মালাকাৰে শৰাইঘাটৰ পৰা জঁপিয়াই আত্মহনন কৰা বুলিও সন্দেহ কৰিছে একাংশই ৷ আনহাতে কোনো দুৰ্বৃত্তই অপহৰণ কৰি নিয়াৰো সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালে।পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যেই এটা গোচৰ ৰুজু কৰি আগবঢ়াইছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া। আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য।