অসম

assam

School Education Department : ৰাজ্যৰ 196 বিদ্যালয়লৈ অত্যাধুনিক কেলকুলেটৰ বিতৰণ শিক্ষা বিভাগৰ

By

Published : Dec 7, 2022, 7:20 PM IST

বুধবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যৰ 196 বিদ্যালয়ৰ মাজত বৈজ্ঞানিক কেচিঅ’ কেলকুলেটৰ বিতৰণ কৰা হয় (Calculator distribution to Assam schools) । কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বুধবাৰে অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে কেচিঅ’ ইণ্ডিয়া কোম্পানী প্ৰাইভেট লিমিটেডৰ সহযোগত উক্ত কেলকুলেটৰসমূহ বিতৰণ কৰে ।

Ranoj Pegu
Ranoj Pegu

গুৱাহাটী, ৭ ডিচেম্বৰ : বুধবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যৰ 196 বিদ্যালয়ৰ মাজত বৈজ্ঞানিক কেচিঅ’ কেলকুলেটৰ বিতৰণ কৰা হয় (Calculator distribution to Assam schools) । কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বুধবাৰে অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে (Department of School Education Assam) কেচিঅ’ ইণ্ডিয়া কোম্পানী প্ৰাইভেট লিমিটেডৰ (Casio India Company Pvt Limited) সহযোগত উক্ত কেলকুলেটৰসমূহ বিতৰণ কৰে ।

ৰাজ্যৰ 196 বিদ্যালয়লৈ অত্যাধুনিক কেলকুলেটৰ বিতৰণ শিক্ষা বিভাগৰ

উল্লেখ্য, মেট্ৰিক পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰা ১৯৬ খন মাধ্যমিক বিদ্যালয়ক প্ৰদান কৰা হয় উক্ত বৈজ্ঞানিক কেচিঅ’ কেলকুলেটৰসমূহ (scientific casio calculator to 196 schools) । "জ্ঞান কী ৰৌশনী" কাৰ্যসূচীৰ অধীনত এই বৈজ্ঞানিক কেচিঅ’ কেলকুলেটৰসমূহ বিতৰণ কৰা হয় । অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Education minister Dr Ranoj Pegu) ।

অনুষ্ঠানত উপস্থিত থাকি নিজৰ ভাষণ প্ৰসংগত শিক্ষামন্ত্ৰীয়ে কয় যে পৰৱৰ্তী সময়ত প্ৰতিখন বিদ্যালয়তে এনেধৰণৰ ডিজিটেল সামগ্ৰীসমূহ যোগান ধৰা হ'ব । তেওঁ লগতে কয় যে ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে যে দেশজুৰি ২৬০ টা আঞ্চলিক ভাষাৰ টিভি চেনেল স্থাপন হ'ব । আনহাতে, অসমত ৯ টা ভাষাৰ বাবে স্থাপন হ'ব ৯ টা টিভি চেনেল ।

লগতে শিক্ষকৰ বাবে কম্পিউটাৰ শিক্ষা বাধ্যতামূলক হ'ব বুলিও শিক্ষামন্ত্ৰীয়ে উল্লেখ কৰে । আনহাতে, বৰ্তমানৰ তথ্য-প্ৰযুক্তিবিদ্যাৰ যুগত প্ৰতিগৰাকী শিক্ষকে প্ৰযুক্তিবিদ্যাৰ জ্ঞান অৰ্জন কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে ।

উল্লেখ্য, উপযুক্ত কম্পিউটাৰ জ্ঞান থকা শিক্ষকৰ অভাৱত এতিয়াও বহু বিদ্যালয়ত পেকেটৰ ভিতৰতেই কম্পিউটাৰ থকা বুলিও মন্তব্য কৰে শিক্ষা মন্ত্ৰীয়ে । আনহাতে, শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আশাৰ বতৰা দি শিক্ষামন্ত্ৰীয়ে কয় যে শীঘ্ৰে ৩০ হেজাৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাব । ইয়াৰ সিংহভাগ পদেই শিক্ষা বিভাগৰ হ'ব বুলিও তেওঁ উল্লেখ কৰে ।

ইয়াৰ উপৰি পুনৰবাৰ গুণোৎসৱ অনুষ্ঠিত হ'ব বুলিও তেওঁ দোহাৰে । উল্লেখ্য, বিগত গুণোৎসৱত এ প্লাছ গ্ৰেড লাভ কৰা বিদ্যালয়সমূহে ২৫ হেজাৰ টকাকৈ লাভ কৰিব বুলি তেওঁ সদৰী কৰে । অহা ২৫ ডিচেম্বৰত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এ প্লাছ গ্ৰেড লাভ কৰা বিদ্যালয়বোৰক এই ধনৰাশি প্ৰদান কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে । অনুষ্ঠানত সন্মানীয় অতিথি হিচাবে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ড৹ ননীগোপাল মহন্তকে ধৰি কেইবাগৰাকীও বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক :Foundation Day of Assam Cooperative Apex Bank: অসমত এতিয়া সকলোৱে নিজকে সুৰক্ষিত অনুভৱ কৰে: মুখ্যমন্ত্ৰী

For All Latest Updates

ABOUT THE AUTHOR

...view details