গুৱাহাটী,৩ জুন: প্ৰখৰ ৰ'দ আৰু উৎকট গৰমে দহিছে ৰাজ্য । গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যজুৰি বিগত কেইদিন ধৰি উত্তাপ বৃদ্ধি পোৱাত ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱনযাত্রা (Heat wave hits normal life in Assam) । তথ্য অনুসৰি আগন্তুক কেইদিনমানলৈ উৎকট গৰমে দহিব ৰাজ্যৰ লগতে মহানগৰবাসীক । অসহনীয় গৰমৰ বাবে বিভিন্ন জিলাত পাঠদানৰ সময়সূচী সলনি কৰা হৈছে (Schools in Guwahati change their teaching schedules) ।
গুৱাহাটী মহানগৰীতো গৰমৰ বাবে সলনি কৰা হৈছে পাঠদানৰ সময়সূচী (Education department notice for heatwave) । এই সন্দৰ্ভত শনিবাৰে এক জাননী জাৰী কৰা হয় । কামৰূপ মহানগৰ জিলাত পাঠদানৰ সময়সূচী সলনি কৰা সন্দৰ্ভত জাননী জাৰী কৰে কামৰূপ মেট্ৰ'ৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে (Inspector s of schools notice for heatwave) । উৎকট গৰমৰ বাবে অহা ৫ জুনৰ পৰা অনিৰ্দিষ্ট কাললৈ সলনি কৰা হৈছে পাঠদানৰ সময়সূচী ।
জাননী অনুসৰি প্ৰাথমিক বিদ্যালয়সমূহত পুৱা ৭.৩০ ৰ পৰা ১২ বজালৈ, মাধ্যমিক বিদ্যালয় সমূহত পুৱা ৭.৩০ ৰ পৰা ১২.৩০ বজালৈ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহত পুৱা ৭.৩০ৰ পৰা ১ বজালৈ পাঠদান অনুষ্ঠিত কৰা হ'ব । আনহাতে পুৱাৰ প্ৰাৰ্থনা ছাঁ থকা ঠাই নাইবা শ্ৰেণীকোঠাত কৰাৰ বাবে জাননীত উল্লেখ কৰা হৈছে ।
পৰৱৰ্তী জাননী জাৰী নকৰা পৰ্যন্ত এই নিৰ্দেশ বাহাল থাকিব । আনহাতে এই নিৰ্দেশনা চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয়ৰ বাবে প্ৰযোজ্য হ'ব । উল্লেখ্য যে প্ৰচণ্ড গৰমৰ বাবে শিক্ষা বিভাগে ইতিমধ্যে ৰাজ্যৰ বিদ্যালয়সমূহৰ পাঠদান প্ৰক্ৰিয়া পুৱা ৯ বজাৰ পৰিৱৰ্তে পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ কৰাৰ আহ্বান জনাইছে ।