গুৱাহাটী, 1 জানুৱাৰী:পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হৈছে প্ৰাথমিক বিদ্যালয় পাঠদান ৷ ক'ভিড প্ৰট'কলৰ মাজেৰে সপ্তাহত তিনিটাকৈ বাৰত শ্ৰেণীভিত্তিক পাঠদানেৰে আৰম্ভ হৈছে বিদ্যালয়ৰ পাঠদানসমূহ ৷
ছাত্ৰ-ছাত্ৰীৰ সেৰেঙা উপস্থিতিৰে মহানগৰীত আৰম্ভ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান - মহানগৰী
আজিৰে পৰা ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত নিয়মীয়াকৈ আৰম্ভ হৈছে পাঠদান । নৱবৰ্ষৰ প্ৰথম দিনটোত মহানগৰীৰ সকলো বিদ্যালয় খোলে যদিও, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি আছিল তেনেই সেৰেঙা ৷
মহানগৰীত আৰম্ভ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান
কৰ'ণাসৃষ্ট পৰিৱেশৰ পাচত দীৰ্ঘদিনৰ অন্তত নৱবৰ্ষৰ প্ৰথম দিনটোত মহানগৰীৰ সকলো বিদ্যালয় খোলে যদিও, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি আছিল তেনেই সেৰেঙা ৷ তথাপিও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চৰকাৰৰ নিৰ্দেশমৰ্মে মহানগৰীৰ প্ৰতিখন বিদ্যালয়ত এতিয়া ঘূৰি আহিছে পূৰ্বৰ পাঠদানৰ পৰিৱেশ ৷
লগতে পঢ়ক:মাঙ্গালোৰৰ সমুদ্ৰতীৰ পৰিষ্কাৰ কৰিলে এগৰাকী বিদেশী মহিলাই