অসম

assam

ETV Bharat / state

প্ৰাদেশিকীকৰণ আৰু কিমান দেৰি? বিনা বেতনে অৱসৰ বহু শিক্ষকৰ !

যাৰ ফলত ১৯৯২ বৰ্ষৰ পৰা শিক্ষকতা কৰি থকা কেবাহাজাৰ শিক্ষকে বিনা বেতনে অৱসৰ ল'লে আৰু আন কিছু সংখ্যকে আৰ্থিক দৈন্যতাৰ বাবে আত্মহত্যা কৰিবলগীয়া হ'ল ৷

বিনা বেতনে অৱসৰ গ্ৰহণ বহু শিক্ষকৰ

By

Published : Nov 19, 2019, 8:27 AM IST

গুৱাহাটী, 19 নৱেম্বৰ: ২০১৩ চনত ৰাজ্য চৰকাৰে ভেঞ্চাৰ বিদ্যালয়সমূহৰ পদ প্ৰাদেশিকীকৰণ কৰা প্ৰক্ৰিয়াৰ পৰা বাদ পৰি ৰ'ল ৰাজ্যৰ কেবা হাজাৰ শিক্ষক ৷ বিনা বেতনে কেইবছৰমানৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিব বহু শিক্ষকে ৷ "চৰকাৰৰ গুৰুত্বহীনতাৰ বাবেই বাদ পৰি ৰ'ল কেইবাহাজাৰ শিক্ষক ৷" এই অভিযোগ অসম হাইস্কুল ড্ৰপ শিক্ষক সংস্থাৰ ৷ সোমবাৰে দিছপুৰ প্ৰেছক্লাৱত এক সংবাদমেল আয়োজন কৰি এই মন্তব্য কৰে "দ্ৰপ শিক্ষক সংস্থাই" ৷

সংবাদমেলখনৰ জৰিয়তে শিক্ষক সংস্থাই জনায় যে, চৰকাৰে ভেঞ্চাৰ স্কুলৰ পদ প্ৰাদেশিকীকৰণৰ বাবে ২০১৩ বৰ্ষত এখন আইন বনায় যদিও আইনখনে প্ৰচলিত শিক্ষা আইনৰ আধাৰ আৰু পৰিচালিত বিদ্যালয়সমূহৰ পদ সমূহ পূৰনৰ বাবে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে ৷ যাৰ ফলত ১৯৯২ বৰ্ষৰ পৰা শিক্ষকতা কৰি থকা কেবাহাজাৰ শিক্ষকে বিনা বেতনেৰে অৱসৰ ল'লে আৰু আন কিছু সংখ্যকে আৰ্থিক দৈন্যতাৰ বাবে আত্মহত্যা কৰিবলগীয়া হ'ল ৷

প্ৰাদেশিকীকৰন আৰু কিমান দেৰি?

লগতে পঢ়়ক:প্ৰাক্তন ৰাজ্যিক শিক্ষামন্ত্ৰী ৰূপন ছিং ৰংহাঙৰ দেহাৱসান

পৰৱৰ্তী সময়ত চৰকাৰে এইসকল ড্ৰপ শিক্ষকৰ বিভিন্ন সময়ত পদ সমূহ প্ৰাদেশিকীকৰণ হ'ব বুলি আশ্বাস দিছিল যদিও আজি সেয়া পৰ্যন্ত হৈ নুঠিল ৷ সেয়ে উক্ত সংবাদমেলৰ জৰিয়তে চৰকাৰক শিক্ষক সংস্থাই পুনৰবাৰ পদসমূহ প্ৰাদেশিকীকৰণ কৰিবলৈ অনুৰোধ জনাইছে ৷

ABOUT THE AUTHOR

...view details