অসম

assam

By

Published : Sep 18, 2019, 11:04 PM IST

ETV Bharat / state

ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত স্কুল বাছ, আহত 6 শিক্ষাৰ্থী

গুৱাহাটী আই আই টি ৰ পৰা শিক্ষামূলক ভ্ৰমণ সামৰি ঘূৰি অহা মৰিগাঁও জিলাৰ সংস্কৃতি বিদ্যাপীঠৰ এটা দল পতিত হয় পথ দুৰ্ঘটনাত ৷ সংকটজনক অৱস্থাত থকা তিনিজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

যোৰাবাটত দুৰ্ঘটনাত পতিত স্কুল বাছ

গুৱাহাটী , 18 ছেপ্টেম্বৰঃ বুধবাৰে যোৰাবাটৰ দহ মাইলত সংঘটিত এক পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে ছয় জন আহত হয় ৷ গুৱাহাটী আই আই টি ৰ পৰা শিক্ষামূলক ভ্ৰমণ সামৰি ঘূৰি অহা মৰিগাঁও জিলাৰ সংস্কৃতি বিদ্যাপীঠৰ এটা দল পতিত হয় দুৰ্ঘটনাটোত ৷ জানিব পৰা মতে, দলটোক লৈ অহা AS 21 C 9055 নম্বৰৰ স্কুল বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই 37 নং ৰাষ্ট্ৰীয় ঘাই পথৰ মাজত থকা ডিভাইডাৰত প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলত ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত বাগৰি পৰে । আহত ছাত্ৰ-ছাত্ৰী সকলক আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে সোণাপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰে যদিও ইয়াৰে তিনিজনৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।

যোৰাবাটত দুৰ্ঘটনাত পতিত স্কুল বাছ

ABOUT THE AUTHOR

...view details