গুৱাহাটী, 8 মে’ : অৱশেষত আৰক্ষীৰ জালত পৰিল SCERT কেলেংকাৰীৰ অভিযুক্ত শেৱালি দেৱী শৰ্মা ৷ আৰক্ষীয়ে ৰাজস্থানত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় IAS গৰাকীক ৷ 105 কোটিটকীয়া কেলেংকাৰীৰ সৈতে সাঙোৰ খাইছে IAS শেৱালী দেৱী শৰ্মাৰ নাম (SCERT Scam accuse Sewali Devi Sharma Arrested) ।
SCERT ৰ প্ৰাক্তন সঞ্চালক তথা আই এ এছ বিষয়া হিচাপে নিয়োজিত হৈছিল শেৱালি দেৱী শৰ্মা । অসম ৰাজ্যিক শিক্ষা, গৱেষণা আৰু প্রশিক্ষণ পৰিষদত (এছ চি ই আৰ টি) ৰ 105 কোটিটকীয়া কেলেংকাৰিত অভিযুক্ত শেৱালি দেৱীসহ আন 3 জনকো সোমবাৰে গ্ৰেপ্তাৰ কৰা হয় । ধৃত তিনিজনৰ ভিতৰত আছে জোঁৱাই অজিত পাল সিং, বন্ধু আমিন আৰু সহায়কাৰী মাজনী কাইঠা ৷
ৰাজস্থানৰ আজমিৰৰ ক্ৰছলেণ্ড কোঠালি নামৰ হোটেলত আত্মগোপন কৰি থকা অৱস্থাত ৰাজস্থান আৰক্ষীৰ সহযোগত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে দেওবাৰৰ নিশা গ্ৰেপ্তাৰ কৰে আটাইকে । আজি ধৃত শেৱালি দেৱীসহ আন 3 জনক ৰাজস্থানৰ এখন আদালতত হাজিৰ কৰা হ'ব । তাৰ পিচত আজিয়ে CM ভিজিলেঞ্চে আটাইকেইজনক অসমলৈ লৈ আনিব বুলি জানিবলৈ পৰা গৈছে । উল্লেখ্য যে, ইতিমধ্যে ডি এল এড পাঠ্যক্ৰমৰ নামত অসম ৰাজ্যিক শিক্ষা, গৱেষণা আৰু প্রশিক্ষণ পৰিষদত (এছ চি ই আৰ টি) সংঘটিত হোৱা 105 কোটিটকীয়া কেলেংকাৰীত ছজনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে (SCERT Scam accuse Sewali devi sarma) ।
মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে এছ চি ই আৰ টিৰ মুক্ত দূৰ শিক্ষাৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক তথা নডেল বিষয়া ড° এল এন সোণোৱাল, গাণনিক জয়চন্দ্ৰ লহকৰ, ষ্টেন'গ্ৰাফাৰ ৰুবুল আলী, কনিষ্ঠ সহায়ক ৰমিজুদ্দিন, চার্টার্ড একাউনটেণ্ট সৰং ম'ৰে আৰু কেলেংকাৰীৰ মূল মাষ্টাৰ মাইণ্ড শেৱালি দেৱী শৰ্মাৰ জোঁৱাই তথা ঠিকাদাৰ ৰাজেশ কুমাৰ যোশীক গ্ৰেপ্তাৰ কৰিছে । ইপিনে গ্ৰেপ্তাৰৰ ভয়ত পলায়ন কৰি আছিল এছ চি ই আৰ টিৰ প্ৰাক্তন সঞ্চালক তথা IAS বিষয়া শেৱালি দেৱী শৰ্মা, জোৱাই অজিত পাল সিং আৰু ঠিকাদাৰ ৰুহুল আমিন । মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে যোৱা 2 মে'ত বাসগৃহত চলোৱা অভিযানৰ পূর্বেই তিনিজন অভিযুক্তই পলায়ন কৰিবলৈ সক্ষম হৈছিল ।
উল্লেখযোগ্য যে, ডি এল এড পাঠ্যক্ৰমৰ দূৰৱৰ্তী মুক্ত শিক্ষাৰ জৰিয়তে প্ৰশিক্ষণৰ নামত SCERT ত বৃহৎ জালিয়াতি সংঘটিত কৰিছিল তদানীন্তন সঞ্চালক শেৱালি দেৱী শৰ্মাই । ঠিকাদাৰৰূপী দুই জোঁৱাই ৰাজেশ কুমাৰ যোশী, অজিত পাল সিঙক সাৰথি কৰি এছ চি ই আৰ টিৰ এফালৰ পৰা ধনৰ লুণ্ঠন চলাই যায় শৰ্মাই । মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ তদন্তত পোহৰলৈ আহে যে 27,897 গৰাকী শিক্ষকৰ পৰিৱৰ্তে 1,06,828 গৰাকী শিক্ষকক ভুৱাকৈ প্ৰশিক্ষণ দিয়া দেখুৱাই ধন হৰলুকী কৰা হৈছিল ।
কাগজে-কলমে শিক্ষকক প্রশিক্ষণ দিয়া দেখুৱাই শেৱালি দেৱী শৰ্মাই 2017-2022 চনলৈ সংগ্ৰহ কৰা 105 কোটি টকা ব্যয় কৰাৰ হিচাপ দেখুৱায় । অকল সেয়াই নহয়, এছ চি ই আৰ টিৰ কার্যালয়ত শীত তাপ নিয়ন্ত্ৰিত যন্ত্র, টয়লেট নির্মাণ, কাৰ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন কৰা ভুৱা বিলো দাখিল কৰে । তদুপৰি শেৱালি দেৱী শৰ্মাই দুই জোঁৱায়েকক নিবিদা অবিহনেই গতাই দিছিল কোটি কোটি টকাৰ ঠিকা । এনেবোৰ তথ্য পোহৰলৈ অহাৰ পিচতে তদাৰকী কোষে 3/2023 নম্বৰত গোচৰ ৰুজু কৰি যোৱা 2 মে'ত 6 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল ।
লগতে পঢ়ক :Doctor couple’s child abuse case: জেৰাৰ সন্মুখীন ডাঃ সংগীতা; আৰক্ষীক বিভ্ৰান্ত কৰাৰ চেষ্টা মনোৰোগ বিশেষজ্ঞা