অসম

assam

By

Published : Dec 18, 2021, 10:24 AM IST

ETV Bharat / state

Srinagar water supply Scheme : ৯ বছৰে বিশুদ্ধ পানীৰ অপেক্ষাত শ্ৰীনগৰবাসী

বিগত প্ৰায় ৯ বছৰ ধৰি বিকল হৈ আছে মহানগৰীৰ শ্ৰীনগৰ সাৰ্বজনীন পূজা সমিতিৰ চৌহদত থকা শ্ৰীনগৰ পানী যোগান আঁচনি (Srinagar water supply Scheme) ৷ প্ৰায় এক কোটি টকা ব্যয় সাপেক্ষে জনস্বাস্থ্য কাৰিকৰী বিভাগে এই পানী যোগান আঁচনি নিৰ্মাণ কৰিছিল ৷ কিন্তু বিশুদ্ধ পানীহে এটোপালো নাপালে অঞ্চলবাসীয়ে ৷

৯ বছৰে বিকল শ্ৰীনগৰ পানী যোগান আঁচনি
৯ বছৰে বিকল শ্ৰীনগৰ পানী যোগান আঁচনি

গুৱাহাটী, 18 ডিচেম্বৰ :গুৱাহাটী মহানগৰীত দীৰ্ঘদিনে বিশুদ্ধ খোৱাপানীৰ সমস্যাই এক জটিল সমস্যা হিচাপে দেখা দি আহিছে । চৰকাৰী পানী যোগান আঁচনিয়ে এতিয়াও মহানগৰীৰ আধাতকৈও অধিক লোকক যোগান ধৰিব পৰা নাই বিশুদ্ধ খোৱাপানী ৷ যাৰ ফলত এটুপি খোৱাপানীৰ বাবে প্ৰতিদিনে হাহাকাৰ কৰিবলগীয়া হয় মহানগৰবাসীয়ে ।

মহানগৰীৰ কাহিলীপাৰা, ভেটাপাৰা, বশিষ্ঠ চাৰিআলি, খানাপাৰা, ৰাজগড়, অনিল নগৰ, নবীন নগৰ, চানমাৰি, শিলপুখুৰী, জু-ৰোড, পাণবজাৰ, গণেশগুৰি, দিশপুৰ, হাতীগাঁওকে আদি কৰি মহানগৰীৰ কেইবাঠাইতো খোৱাপানীৰ তীব্ৰ নাটনি হোৱা পৰিলক্ষিত হৈছে ৷ জিএমচি আৰু গুৱাহাটী মহানগৰ খোৱাপানী অনাময় পৰিষদ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সৰু সৰু আঁচনিয়ে মহানগৰবাসীক পানী যোগান ধৰি আহিছে যদিও সেয়া পৰ্যাপ্ত নহয় । তদুপৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধিকাংশ সৰু সৰু আঁচনি এতিয়াও বিকল হৈ আছে ।

গুৱাহাটী পৌৰ নিগমৰ তথ্য মতে (Guwahati Municipal Corporation), মহানগৰীৰ মাত্ৰ 30 শতাংশ লোকেহে চৰকাৰী আঁচনিৰ খোৱাপানী লাভ কৰে । বাকী 70 শতাংশ মহানগৰবাসীয়ে চৰকাৰী খোৱাপানী আঁচনি (Guwahati Water Supply Scheme) ৰ সুবিধাৰ পৰা এতিয়াও বঞ্চিত হৈ আছে ।

৯ বছৰে বিকল শ্ৰীনগৰ পানী যোগান আঁচনি

বৰ্তমানৰ জনসংখ্যা অনুযায়ী গুৱাহাটীত দৈনিক 328.86 নিযুত লিটাৰ খোৱাপানীৰ প্ৰয়োজন । কিন্তু খোৱাপানীৰ যোগান ধৰি অহা তিনিটাকৈ চৰকাৰী বিভাগ ক্ৰমে- গুৱাহাটী পৌৰ নিগম(Guwahati Municipal Corporation), জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গুৱাহাটী মহানগৰ পানী যোগান আৰু অনাময় পৰিষদে ইয়াৰে মাত্ৰ 72.40 নিযুত লিটাৰ পানীহে যোগান ধৰিবলৈ সক্ষম হয় । অৰ্থাৎ মহানগৰীত দৈনিক 256.46 নিযুত লিটাৰ খোৱাপানীৰ অভাৱ থাকে ।

উল্লেখ্য যে, মহানগৰীৰ শ্ৰীনগৰ সাৰ্বজনীন পূজা সমিতিৰ চৌহদত থকা শ্ৰীনগৰ পানী যোগান আঁচনিখন বিগত প্ৰায় ৯ বছৰ ধৰি বিকল হৈ আছে (Srinagar water supply Scheme) । প্ৰায় ১ কোটি টকা ব্যয় সাপেক্ষে জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্মাণ কৰিছিল এই পানী যোগান আঁচনিখন । কিন্তু নিৰ্মাণৰ এবছৰ নহওঁতেই বিকল হৈ পৰে এই আঁচনি ।

পানী যোগান আঁচনিখনত ডেৰ লাখ লিটাৰ পানী সঞ্চয় কৰিব পৰাৰ ব্যৱস্থা থকাৰ লগতে আছিল ফিল্টাৰৰ সুবিধা ৷ কিন্তু ফিল্টাৰটো সম্প্ৰতি জৰাজীৰ্ণ হৈ পৰাত শ্ৰীনগৰ অঞ্চলবাসীয়ে চৰা দামত পানী ক্ৰয় কৰি ব্যৱহাৰ কৰিবলগীয়া হৈছে ।

এই বিষয় সম্পৰ্কে শ্ৰীনগৰ সাৰ্বজনীন পূজা সমিতিৰ সভাপতি তথা শ্ৰীনগৰ পানীযোগান আঁচনি সমিতিৰ কৰ্মকৰ্তা নৱ মজুমদাৰে কয় যে - জনস্বাস্থ্য কাৰিকৰী বিভাগে ২০১১ চনৰ পহিলা ফেব্ৰুৱাৰীত তেতিয়াৰ মন্ত্ৰী ৰিহণ দৈমাৰী আৰু পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক ৰবীন বৰদলৈৰ উপস্থিতিত শ্ৰীনগৰ পানী যোগান আঁচনিৰ আধাৰশিল‍া স্থাপন কৰিছিল । শ্ৰীনগৰ অঞ্চলৰ প্ৰায় ১৫০ ঘৰ পৰিয়ালক পানী যোগান ধৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল এই আঁচনিয়ে । কিন্তু ইয়াৰে কেৱল প্ৰায় ১৩৫ ঘৰ লোককহে পৰৱৰ্তী সময়ত পানীৰ সংযোগ দিয়া হয় ।

২০১১ চনৰ এপ্ৰিলৰ মাহৰ পৰা দুটা পাম্পৰ সহায়ত পানী যোগান ধৰা হৈছিল ৷ প্ৰতিঘৰকে দৈনিক ৪০০-৫০০ লিটাৰকৈ পানী যোগান ধৰা হৈছিল । তেতিয়া অঞ্চলবাসীয়ে পানীৰ সমস্যাৰ পৰা কিছু পৰিমানে পৰিত্ৰাণ পাইছিল । কিন্তু পানীৰ জলস্তৰ কমি যোৱাৰ ফলত ২০১২ চনৰ পৰা পানী যোগান আঁচনিখন বন্ধ হৈ পৰে । যাৰ ফলত আঁচনিৰ ফিল্টাৰ আৰু পানী যোগানৰ পাইপ বিনষ্ট হৈ পৰে ।

গুৱাহাটী মহানগৰ খোৱাপানী অনাময় পৰিষদে অঞ্চলটোত পানী যোগান ধৰে যদিও সেয়া পৰ্যাপ্ত নহয় । ফলত অঞ্চলটোৰ একাংশ লোকে নিজাববীয়াকৈ বৰিং বহুৱাই পানীৰ ব্যৱস্থা কৰি লৈছে আৰু একাংশ লোকে চৰা দামত ক্ৰয় কৰি ব্যৱহাৰ কৰি আহিছে । বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আঁচনিখন পুনৰ আৰম্ভ কৰিবলৈ অনুৰোধ জনাই আহিছে যদিও আজি পৰ্যন্ত কোনো সুফল নাপালে ৷

সেয়েহে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক পুনৰ এই পানীযোগান আঁচনি আৰম্ভ কৰি অঞ্চলবাসীক পানীৰ অভাৱৰ সমস্যাৰ পৰা সকাহ দিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : Guwahati water supply scandal : ষড়যন্ত্ৰৰ আঁৰত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল !

ABOUT THE AUTHOR

...view details