নেশ্যনেল ডেস্ক, 20 ছেপ্টেম্বৰ: নাগৰিকত্ব আইন, 1955ৰ ধাৰা 6Aৰ সাংবিধানিকতাক প্ৰত্যাহ্বান জনাই এটা গোটে দাখিল কৰা আবেদনৰ শুনানি 17 অক্টোবৰৰ পৰা আৰম্ভ হ’ব ৷ উচ্চতম ন্যায়ালয়ে বুধবাৰে এই কথা সদৰী কৰিছে ৷
ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে উল্লেখ কৰে যে 2023 চনৰ 10 জানুৱাৰীত বিষয়টোত ইতিমধ্যে প্ৰক্ৰিয়াগত নিৰ্দেশনা জাৰি কৰা হৈছে । বিচাৰপীঠে উল্লেখ কৰে যে বিষয়টোত নিযুক্ত দুজন নোডেল পৰামৰ্শদাতাই এক উমৈহতীয়া প্ৰতিবেদন প্ৰস্তুত কৰিছে আৰু ইয়াক 2023 চনৰ 22 আগষ্টত জাৰী কৰা এক বিজ্ঞপ্তিৰ সৈতে সামঞ্জস্যপূৰ্ণ কৰাৰ প্ৰয়োজন ৷ শীৰ্ষ আদালতে বিষয়টো 17 অক্টোবৰৰ পৰা শুনানিৰ বাবে দিন নিৰ্ধাৰণ কৰিছে ৷
কেন্দ্ৰ আৰু অসম চৰকাৰে ধাৰা 6A বৈধ বুলি দাবী কৰি আদালতক আবেদনসমূহ খাৰিজ কৰিবলৈ আহ্বান জনাইছে । ধাৰা 6A-ৰ অধীনত, 1 জানুৱাৰী, 1966-ৰ পূৰ্বে অসমত প্ৰৱেশ কৰা আৰু সাধাৰণতে বাসিন্দা হোৱা বিদেশীসকলৰ ভাৰতৰ নাগৰিকৰ সকলো অধিকাৰ আৰু দায়বদ্ধতা থাকিব ৷