অসম

assam

By

Published : Feb 4, 2022, 6:33 PM IST

ETV Bharat / state

মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুসূচিত জাতি, জনজাতি উন্নয়ন পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক

অনুসূচিত জাতি, জনজাতি তথা অন্যান্য পিছপৰা জাতি উন্নয়ন পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক । কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ (Kamrup Metro DC) কাৰ্যালয়ত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত এই বৈঠক অনুষ্ঠিত । চৰকাৰী আঁচনিৰ সুবিধা লাভৰ পৰা যাতে প্ৰকৃত হিতাধিকাৰী বঞ্চিত নহয় তাৰ বাবে বিষয়াসকলক গুৰুত্ব দিবলৈ নিৰ্দেশ উপায়ুক্তৰ ।

Kamrup Metro DC
মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী,৪ ফেব্ৰুৱাৰী :কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ অনুসূচিত জাতি, জনজাতি তথা অন্যান্য পিছপৰা জাতি উন্নয়ন পৰিষদৰ বিভিন্ন বিষয় আলোচনাৰ বাবে শুকুৰবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপায়ুক্ত (Kamrup Metro DC) পল্লৱ গোপাল ঝাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় । পৰিষদৰ সদস্য-সচিব তথা ভাৰপ্ৰাপ্ত মহকুমা কল্যাণ বিষয়া সুস্বপ্না কাকতিৰ উপৰি তিনিও পৰিষদৰে অধ্যক্ষ আৰু আন-আন সদস্যসকল উপস্থিত থকা সভাত মহকুমাভিত্তিক তালিকাৰ বিসংগতি দূৰীকৰণৰ ওপৰত আলোচনা কৰাৰ উপৰিও চৰকাৰী আঁচনি কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত প্ৰকৃত হিতাধিকাৰী যাতে বাদ পৰি যাব নোৱাৰে তাৰ ওপৰত গুৰুত্ব দিবলৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে ।

মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক

আনহাতে, আঁচনি কাৰ্যকৰী কৰাৰ পাছত সত্যৰ প্ৰমাণ হিচাপে হিতাধিকাৰীসকলৰ পৰা লাভ কৰা ৰছিদ সংলগ্ন কৰি ৰিপৰ্ট প্ৰস্তুত কৰি উপায়ুক্তৰ লগতে চৰকাৰৰ সংশ্লিষ্ট বিভাগলৈ পঠাবলৈ উপায়ুক্তগৰাকীয়ে সভাত নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক :বিজেপি চৰকাৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে : ড° হাফিজ ৰফিকুল ইছলাম

ABOUT THE AUTHOR

...view details