অসম

assam

ETV Bharat / state

Fake Encounter in Assam: হিমন্ত বিশ্ব শৰ্মাৰ শাসনত 80 টা ‘ভুৱা এনকাউণ্টাৰ’; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী - হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী উচ্চ ন্যায়ালয়ে 2021 চনৰ মে’ মাহত হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পাচত ৰাজ্যত সংঘটিত হোৱা এনকাউণ্টাৰৰ ওপৰত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল ৷ ইয়াৰ পাচত উচ্চতম ন্যায়ালয়ত দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনখনত দাবী কৰা হৈছিল যে 2021 চনৰ মে’ মাহৰ পৰা অসম আৰক্ষী আৰু বিভিন্ন গোচৰত অভিযুক্তসকলৰ মাজত 80 টাতকৈও অধিক ‘ভুৱা সংঘৰ্ষ’ সংঘটিত হৈছিল ৷

Fake Encounter in Assam
Fake Encounter in Assam

By

Published : Jul 18, 2023, 7:51 AM IST

নিউজ ডেস্ক, 18 জুলাই: অসমত সংঘটিত হোৱা ‘ভুৱা এনকাউণ্টাৰ’ সন্দৰ্ভত অসম চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে সৰ্বোচ্চ ন্যায়ালয়ে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আবেদনৰ ভিত্তিত অসম চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে উচ্চতম ন্যায়ালয়ে ৷ উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে 2021 চনৰ মে’ মাহত হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পাচত ৰাজ্যত সংঘটিত হোৱা এনকাউণ্টাৰৰ ওপৰত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল ৷

উল্লেখ্য যে অধিবক্তা আৰিফ মহম্মদ য়েছিন জৱাড্ডাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ৷ সোমবাৰে ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট আৰু অৰবিন্দ কুমাৰক লৈ গঠিত এখন বিচাৰপীঠে ৰাজ্য চৰকাৰ, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ (এনএইচআৰচি) আৰু অন্যান্যসকলক জাননী জাৰি কৰিছে ৷

উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনখনত দাবী কৰা হৈছে যে বাতৰি কাকতত প্ৰকাশিত আৰক্ষীৰ বিবৃতি অনুসৰি, প্ৰতিটো ক্ষেত্ৰতে অভিযুক্তই আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰে আৰু আৰক্ষীয়ে ইয়াৰ প্ৰত্যুত্তৰত গুলীচালনা কৰে ৷ লগতে ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনখনত দাবী কৰা হৈছে যে 2021 চনৰ মে’ মাহৰ পৰা অসম আৰক্ষী আৰু বিভিন্ন গোচৰত অভিযুক্তসকলৰ মাজত 80 টাতকৈও অধিক ‘ভুৱা সংঘৰ্ষ’ সংঘটিত হৈছে ৷ য’ত 28 জন লোকৰ মৃত্যু হৈছে আৰু বহুলোক আহত হৈছে ৷

আবেদনখনত যুক্তি দিয়া হৈছে যে নিহত বা আঘাতপ্ৰাপ্তসকল ভয়ংকৰ অপৰাধী নহয় আৰু সকলো এনকাউণ্টাৰতে আৰক্ষীৰ কাৰ্যপ্ৰণালী একে আছিল ৷ আবেদনকাৰীয়ে চিবিআই বা এছআইটি, বা আদালতৰ তত্বাৱধানত আন ৰাজ্যৰ আৰক্ষী দলৰ দ্বাৰা এই ‘ভুৱা এনকাউণ্টাৰ’ৰ তদন্তৰ নিৰ্দেশনা বিচাৰিছিল ৷

উল্লেখ্য যে জানুৱাৰী মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰতিটো গোচৰত পৃথক তদন্ত চলাই আছে আৰু আন কোনো পৃথক তদন্তৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি ‘ভুৱা এনকাউণ্টাৰ’ৰ তদন্ত বিচাৰি দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনখন অস্বীকাৰ কৰিছিল ৷

লগতে পঢ়ক:Miya Controversy:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মঙলদৈ থানাত এজাহাৰ

ABOUT THE AUTHOR

...view details