অসম

assam

ETV Bharat / state

'CAA'ৰ শুনানিঃ সদৌ অসম উকীল সন্থাৰ আদৰণি - সদৌ অসম উকীল সন্থা

নাগৰিকত্ব সংশোধনী আইনৰ সাংবিধানিক বৈধতা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে অসম আৰু মণিপুৰৰ ক্ষেত্ৰত পৃথককৈ শুনানি গ্ৰহণ কৰা হ'ব বুলি কৰা ঘোষণাক আদৰণি সদৌ অসম উকীল সন্থাৰ ৷

SC hearing on petition on CAA : All Assam Advocate Association reaction
'CAA'ৰ শুনানিঃ সদৌ অসম উকীল সন্থাৰ আদৰণি

By

Published : Jan 22, 2020, 6:32 PM IST

গুৱাহাটী, ২২ জানুৱাৰীঃ 'নাগৰিকত্ব সংশোধনী আইন 2019'ৰ সাংবিধানিক বৈধতা সন্দৰ্ভত বুধবাৰে উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰাৰ পিছতে এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম উকীল সন্থাই । যিহেতু উচ্চতম ন্যায়ালয়ত দাখিল হোৱা আবেদন সমূহৰ ভিতৰত সদৌ অসম উকীল সন্থাও আছিল অন্যতম আবেদনকাৰী । সন্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে শুনানিৰ পিছতে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অসমৰ বিষয়টো সুকীয়া আৰু ইয়াৰ শুনানিও বেলেগকৈ লোৱা হ'ব বুলি উচ্চতম ন্যায়ালয়ে কৰা ঘোষণা আদৰণীয় ৷ উল্লেখ্য যে, বুধবাৰে উচ্চতম ন্যায়ালয়ত উকীল সন্থাৰ আবেদনৰো শুনানি গ্ৰহণ কৰা হৈছিল ।

'CAA'ৰ শুনানিঃ সদৌ অসম উকীল সন্থাৰ আদৰণি

For All Latest Updates

ABOUT THE AUTHOR

...view details