গুৱাহাটী, 27 ফেব্ৰুৱাৰী:ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ বিৰুদ্ধে NIA ৰ গোচৰ সন্দৰ্ভত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত সোমবাৰে গ্ৰহণ কৰা হয় শুনানি ৷ কিন্তু শুনানি সম্পূৰ্ণ নোহোৱাৰ বাবে 3 মাৰ্চত পুনৰ গোচৰটোৰ শুনানিৰ দিন ধাৰ্য কৰা হয় ৷ উচ্চতম ন্যায়ালয়ত শুনানি সম্পূৰ্ণ নোহোৱা পৰ্যন্ত NIA গ্ৰেপ্তৰ কৰিব নোৱাৰিব অখিল গগৈক ৷ উল্লেখ্য যে, NIA গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এক আবেদন দাখিল কৰিছিল অখিল গগৈয়ে (NIA case against Akhil Gogoi) ৷
উচ্চতম ন্যায়ালয়ত অখিল গগৈৰ বিৰুদ্ধে NIAৰ গোচৰ সন্দৰ্ভত সোমবাৰে অনুষ্ঠিত হোৱা শুনানিত চৰকাৰী পক্ষৰ অধিবক্তা তুষাৰ মেহেতাই অখিল গগৈ মাওবাদী কাৰ্যকলাপৰ মূল 'কিং পিন' বুলি আদালতত যুক্তি দৰ্শাইছিল । লগতে ‘কা’ বিৰোধী আন্দোলনৰ সময়ত ডিব্ৰুগড়ত চি আৰ পি এফৰ (CRPF) বাহন ক্ষতিসাধন কৰাৰ সৈতে অখিল গগৈ জড়িত আছিল বুলি তুষাৰ মেহেতাই আদালতত যুক্তি দিছিল ৷ চৰকাৰী অধিবক্তাগৰাকীয়ে সেই সময়ত উদ্ধাৰ কৰা ছেমছাং টেবলেটৰ পৰা আপত্তিজনক তথ্য পোৱা বুলি আদালতক অৱগত কৰে (SC protects Akhil Gogoi) ।
ইফালে, অখিল গগৈৰ অধিবক্তাই অখিল গগৈ নিৰ্বাচিত জনপ্ৰতিনিধি বুলি যুক্তি দৰ্শায় । অখিল গগৈৰ অধিবক্তাৰ যুক্তিৰ বিপৰীতে তুষাৰ মেহেতাই আদালতত জনপ্ৰতিনিধি সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত হ'ব নোৱাৰে নেকি বুলি প্ৰশ্ন কৰে । অখিল গগৈৰ বিৰুদ্ধে থকা NIA ৰ গোচৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দুই বিচাৰপীঠে দুয়ো পক্ষৰ অধিবক্তাৰ দলিল আৰু যুক্তি শুনি গোচৰটোৰ সন্দৰ্ভত বহুখিনি আলোচনা কৰি অহা 3 মাৰ্চত পুনৰ গোচৰটোৰ শুনানীৰ দিন ধাৰ্য কৰে (Akhil Gogoi NIA Case) ৷