অসম

assam

ETV Bharat / state

জিএমচিএইচলৈ ষ্টেট বেংকৰ 120 খন আই চি ইউ বিচনা - ক'ভিড

ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ সময়তে ক্ৰমাৎ বিচনাৰ অভাৱ ঘটিছে ৰাজ্যৰ আই চি ইউ সমূহত ৷ এনে সয়তে 120 খন আইচিইউ বিচনা আগবঢ়ালে ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ-পূব চক্ৰ আৰু এছ বি আই ফাউণ্ডেশ্যনে ৷

sbi_donate_icu_bad_gmch
জিএমচিএইচলৈ ষ্টেট বেংকৰ 120 খন আই চি ইউ বিচনা

By

Published : May 22, 2021, 4:26 PM IST

গুৱাহাটী, ২২ মে': সমগ্ৰ দেশৰ লগতে ক'ভিডৰ ভয়াৱহ সংক্ৰমণ অব্যাহত আছে ৰাজ্যত । দৈনিক হাজাৰ হাজাৰ লোক ক'ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ইতিমধ্যে, অৰ্ধ শতাধিক লোকৰ মৃত্যু হৈছে। ইফালে, ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ সংকটজনক ৰোগীৰ সংখ্যাও বৃদ্ধি পোৱাত আইচিইউ সমূহত ক্ৰমাৎ বিচনাৰ অভাৱ ঘটিছে ।

চৰকাৰীভাৱে আইচিইউৰ ব্যৱস্থা কৰি থকা হৈছে যদিও পৰিস্থিতিৰ অধিক অবনতি ঘটিলে অনাগত সময়ত অতি জটিল পৰিৱেশৰ সৃষ্টি হ'ব পাৰে ।

এনে এক পৰিস্থিতিৰ মাজতে ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ-পূব চক্ৰ আৰু এছ বি আই ফাউণ্ডেশ্যনে যুটীয়াভাৱে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ আগবঢ়ালে 120 খন আইচিইউ বিচনা।

ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ-পূৱ চক্ৰৰ মুখ্য মহাপ্ৰৱন্ধক আৰ এছ ৰমেশে এই আইচিইউ বিচনাৰ অনুমোদন পত্ৰ প্ৰদান কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক।

আনহাতে, ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে ভাৰতীয় ষ্টেট বেংকৰ এই পদক্ষেপে ক'ভিড চিকিৎসা সেৱা অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰিছে। উল্লেখ্য যে, ক'ভিড পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সহায়ৰ হাত আগবঢ়াবলৈ চৰকাখনে জনগণৰ প্ৰতি জনোৱা আহ্বানৰ পাছতেই বহু অনুষ্ঠান-প্ৰতিষ্ঠান, সংগঠন তথা ব্যক্তি বিশেষে সহায়ৰ বাবে আগবাঢ়ি আহিছে ।

স্মৰ্তব্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ এখন শেহতীয়া সংবাদমেল যোগে ৰাজ্যবাসীক মহামাৰীৰ বিৰুদ্ধে চলি থকা যুদ্ধ খনৰ অংশীদাৰ হৈ দান বৰঙণি যোগোৱাৰ বাবে আহ্বান জনাইছিল , ইয়াৰ পিছতেই ৰাজ্যবাসীৰ সক্ৰিয় অংশগ্ৰহণে মহামাৰীৰ সময়তো এক আশাৰ বতৰা কঢ়িয়াই আনিছে ৷

লগতে পঢ়ক :প্ৰায় এমাহ এদিনৰ অন্তত স্ব-ভূমিত উপস্থিত ৰিতুল শইকীয়া

ABOUT THE AUTHOR

...view details