গুৱাহাটী, ১৮ জুন : ৰাষ্ট্ৰীয় ক্ৰীড়াত পুনৰ উজলিল অসমৰ সন্তান । এইবাৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি ৪১ সংখ্যক এছিয়ান ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত (Asian Track Cycling Championships 2022) ব্ৰঞ্জৰ পদক অৰ্জন কৰিলে অসমৰ চয়নিকা গগৈ নেতৃত্বাধীন ভাৰতীয় চাইক্লিং দলটোৱে (Sayanika Gogoi led Indian team won bronze)। নতুন দিল্লীত শনিবাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ মহিলাৰ এলিট শাখাৰ দলীয় পাৰছুইট ইভেন্টত ভাৰতীয় দলটোৱে এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় ।
ব্ৰঞ্জ জয়ৰ যুঁজত ভাৰতে উজবেকিস্তানক পৰাস্ত কৰে । এছিয়ান ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপৰ ৪ কিলোমিটাৰ দূৰত্বৰ মহিলাৰ এলিট শাখাৰ দলীয় পাৰছুইট চাইক্লিঙত ভাৰতে ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি ৪.৪৪ মিনিটত সম্পূৰ্ণ কৰে (Indian team records in Asian Track Cycling Championships)। ভাৰতীয় দলটোৰ এই সফলতাৰ বাবে অসম চাইক্লিং সন্থাৰ সভাপতি হৰমিত সিং আৰু সাধাৰণ সম্পাদক ড০ তপন দাসে অভিনন্দন জনাইছে ।