অসম

assam

ETV Bharat / state

দিহিং পাটকাই আন্দোলনক বিপথে পৰিচালিত কৰিব বিচাৰিছেঃ ইক' ক্লাৱ - #IamDehingPatkai

বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজে বৃহস্পতিবাৰৰ পৰা পুণৰ টুইটাৰত #IamDehingPatkai শীৰ্ষক আন্দোলন আৰম্ভ কৰিছে ৷

#IamDehingPatkai
গুৱাহাটী বিশ্ববিদ্যালয় ইক' ক্লাৱ

By

Published : May 21, 2020, 10:31 PM IST

গুৱাহাটী,21মেঃ দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ বাবে চৰকাৰে জনোৱা অনুমতিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। এই প্ৰতিবাদৰ মাজতে মেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই কয়লা সন্দৰ্ভত বিয়পি পৰা খবৰ ভুৱা বুলি উল্লেখ কৰিছিল। দিহিং পাটকাইত কয়লা খননৰ কোনো সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰা নাই বুলিও মন্তব্য কৰিছিল মেচাৰ্চ বেকনৰ সঞ্চালকগৰাকীয়ে। তেখেতৰ এই ভাষ্য পিছতে জাঙুৰ খাই উঠিছে অনলাইন মাধ্যমে প্ৰতিবাদৰ নেতৃত্ব লোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইক' ক্লাৱৰ সদস্যসকল। এনে ভাষ্যৰে একাংশই প্ৰতিবাদক বিপথে পৰিচালিত কৰিব বিচাৰিছে বুলি উল্লেখ কৰে ইক' ক্লাৱে।

গুৱাহাটী বিশ্ববিদ্যালয় ইক' ক্লাৱ

তাৰোপৰি একাংশই সামাজিক মাধ্যমত কিছু ভুল বাৰ্তা বিয়পাই থকা কাৰ্যত উদ্বেগ প্ৰকাশ কৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজে। এই আন্দোলন দিহিং পাটকাই অভয়াৰণ্যত দীৰ্ঘদিন ধৰি চলি থকা কয়লা খনন আৰু বৰ্তমান চেলেকি অংশত মুক্ত কয়লা খননৰ অনুমতি প্ৰদান কৰাৰ বিৰুদ্ধে বুলি স্পষ্ট কৰি দিয়ে বিশ্ববিদ্যালয় ইক' ক্লাৱৰ সদস্যসকলে।

গুৱাহাটী বিশ্ববিদ্যালয় ইক' ক্লাৱ

ইফালে বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজে বৃহস্পতিবাৰৰ পৰা পুণৰ টুইটাৰত #IamDehingPatkai শীৰ্ষক আন্দোলন আৰম্ভ কৰিছে। কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে এটা আশাব্যঞ্জক খবৰ নিদিয়ালৈ এই আন্দোলন অব্যাহত থাকিব বুলি জানিবলৈ দিছে ইক' ক্লাৱৰ সদস্যসকলে।

লগতে পঢ়কঃ 15 জুনত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল !

ABOUT THE AUTHOR

...view details