অসম

assam

ETV Bharat / state

মুখ্য মন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ অসম সত্ৰ মহাসভাৰ সাহাৰ্য্য - COVID

কৰ'না মহামাৰীৰ প্ৰতিৰোধৰ বাবে মুখ্য মন্ত্ৰী সাহাৰ্য্য পুজি'' লৈ এক লাখ একৈশ হাজাৰ টকা সাহাৰ্য্য আগবঢ়ালে অসম সত্ৰ মহাসভাই।

মুখ্য মন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ অসম সত্ৰ মহাসভাৰ সাহাৰ্য্য
মুখ্য মন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ অসম সত্ৰ মহাসভাৰ সাহাৰ্য্য

By

Published : Mar 31, 2020, 7:31 PM IST

গুৱাহাটী, 31 মাৰ্চঃ কৰ'না মহামাৰীৰ প্ৰতিৰোধৰ বাবে মুখ্য মন্ত্ৰী সাহাৰ্য্য পুজি লৈ সত্ৰ মহাসভাই আৰ্থিক সাহাৰ্য্য আগবঢ়াই । অনুষ্ঠানটোৱে এক লাখ একৈশ হাজাৰ টকা অৰিহণা আগবঢ়াই ।

এইসন্দৰ্ভত সত্ৰ মহাসভাৰপ্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই কয়, "কৰ'ণাৰ আক্ৰান্তই সমস্ত বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত অসম তথা ভাৰত চৰকাৰে পৰিত্ৰাণৰ বাবে বিভিন্ন উপায় অবলম্বন কৰি ৰাতি-দিন একাকাৰ কৰি কাম কৰি আছে। কৰ্মৰত সকললৈ আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু তেখেত সকলক পৰমপিতা পৰমেশ্বৰে আৰু শক্তি প্ৰদান কৰি সৰ্বোপ্ৰকাৰে কল্যাণ কৰিবলৈ প্ৰাৰ্থনা জনাইছোঁ। অসম সত্ৰ মহাসভাই উভয় চৰকাৰক অন্ত:কৰণেৰে কৃতজ্ঞতা জ্ঞাপন কৰিছে আৰু সকলো জনগণক চৰকাৰৰ নীতি-নিৰ্দেশনা মানিবলৈ কাতৰ অনুৰোধ জনাইছে।'"

ইয়াৰ ওপৰি অসমৰ জনসাধাৰণক নিজ নিজ উপাসনা স্থানত প্ৰতিদিনে এই ভয়াবহ আতঙ্কময় পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছে সত্ৰ মহাসভাই । বিশেষকৈ সমূহ সত্ৰবাসীয়ে এজনীয়াকৈ পালপাতি সত্ৰৰ নামঘৰত বিশ্বৰ মানৱ জাতিৰ কল্যাণৰ বাবে ভাগৱত পাঠৰ ব্যৱস্থা কৰিবলৈ সত্ৰ মহাসভাৰহৈ অনুৰোধ জনাইছে প্ৰধান সম্পাদক গৰাকীয়ে ।

ABOUT THE AUTHOR

...view details