গুৱাহাটী, 2 ডিচেম্বৰ : অসমৰ সত্ৰৰ ভূমি বেদখল(Satra land encroachment) সন্দৰ্ভত ৰাজ্য চৰকাৰে গঠন কৰা সত্ৰ আয়োগৰ অন্তৱৰ্তীকালীন প্ৰতিবেদনৰ তথ্যত সত্ৰৰ মাটি বেদখলৰ ভয়ংকৰ তথ্য প্ৰকাশ পাইছে । উল্লেখ্য যে, ৰাজ্য চৰকাৰে গঠন কৰা অসম সত্ৰ ভূমি সমস্যা আৰু পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগে অন্তৱৰ্তীকালীন প্ৰতিবেদন শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰে (Report on Satra land encroachment) ।
এই প্ৰতিবেদনত কেবাখনো সত্ৰৰ মাটি বেদখলৰ ভংয়কৰ তথ্য প্ৰকাশ পাইছে । সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যোৱা বছৰ ২৪ নৱেম্বৰত এই আয়োগ গঠন কৰা হৈছিল । বিধায়ক প্ৰদীপ হাজৰিকা এই আয়োগৰ অধ্যক্ষ আৰু বিধায়ক মৃণাল শইকীয়া আৰু ৰূপক শৰ্মাক সদস্য হিচাপে লৈ অসম সত্ৰ ভূমি সমস্যা আৰু পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগ গঠন কৰা হৈছিল ।
এই আয়োগে যোৱা ডিচেম্বৰৰ পৰা ১২ জিলাৰ ৬২ খন সত্ৰ পৰিভ্ৰমণ কৰিছে । এই ভ্ৰমণৰ ভিত্তিত এই অন্তৱৰ্তীকালীন প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে (Interim report on Satra land encroachment)। প্ৰতিবেদনত উল্লেখ কৰা মতে ১২ জিলাৰ ৬২ খন সত্ৰৰ ৭৫০৪ বিঘা ৪ কঠা মাটি বেদখলৰ কবলত আছে ।