গুৱাহাটী,৬ জুন: ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ হ’ল চুতীয়া ৰাজশাসনৰ ওপৰত আধাৰিত প্ৰথমখন নাট 'বীৰাংগনা' । অসমীয়া নাৰী সমাজৰ স্বাভিমানৰ প্ৰতীকস্বৰূপ তথা এছিয়া মহাদেশৰ ভিতৰত প্ৰথম নাৰী বাহিনী গঠন কৰি যুদ্ধ ক্ষেত্ৰত জঁপিয়াই পৰা বীৰাঙ্গণা সতী সাধনীৰ জীৱনক লৈ আধাৰিত নাটখনিয়ে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ।
গুৱাহাটী মহানগৰীত বসবাস কৰা চুতীয়া সমাজৰ উদ্যোগত আৰু অসমৰ চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত যোৱা দেওবাৰে মঞ্চায়ন হোৱা 'বীৰাংগনা' শীর্ষক নাটখনেই ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ হোৱা চুতীয়া ৰাজশাসনৰ ওপৰত আধাৰিত প্ৰথমখন নাট । মৃত্যুঞ্জয়ী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান চুতীয়া ৰাজশাসনৰ শেষৰগৰাকী ৰাণী তথা বীৰাংগনা সাধনীৰ জীৱনৰ ওপৰত আধাৰিত নাটখন প্ৰায় চাৰি শতাধিক লোকে উপভোগ কৰাৰ লগতে নাটখনৰ কলা-কুশলীসকলে দুৰ্দান্ত অভিনয়ৰ মাজৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় (Sati Sadhanis life based play Veerangana staged) ।
উদ্যান-শস্য বিভাগৰ সঞ্চালক তৰংগ ভাৰতী বৰা, প্ৰযোজক গৰিমা শইকীয়া গাৰ্গ, চুতীয়া উন্নয়ন পৰিষদৰ উপাধ্যক্ষ জ্যোতিপ্ৰসাদ চুতীয়াৰ সাধনীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলণেৰে আৰম্ভ হোৱা অনুষ্ঠানটি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ড৹ দেৱজিৎ খনিকৰে উদ্ধোধন কৰে । লগতে নাট মঞ্চস্থৰ পূৰ্বে অসমীয়া সমাজ জীৱনলৈ সেৱা আগবঢ়োৱা তথা চুতীয়া জনগোষ্ঠীৰ সু-সন্তান বতাহঘূলিৰ অৱসৰপ্ৰাপ্ত অবৰ সচিব গগন চন্দ্ৰ চুতীয়া, সৰুমটৰীয়াৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ধীৰেন্দ্ৰ নাথ শইকীয়াকে আদি কৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তিক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয় ।