অসম

assam

ETV Bharat / state

মহিলাক অশ্লীল প্ৰস্তাৱঃ সাতগাঁও থানাৰ উপ-পৰিদৰ্শকক 'ৰিজাৰ্ভ ক্ল'জদ' - harrased woman

চুটি লোৱা অৱস্থাতে উপ-পৰিদৰ্শক খণ্ডকাৰে এজাহাৰকাৰী মহিলা গৰাকীক সাক্ষ্য জবানবন্দী ল'বলৈ খণ্ডকাৰৰ পাঞ্জাবাৰীস্থিত ঘৰলৈ মাতি পঠিয়ায় ৷ তেনে সময়তে বিষয়াজনে মহিলা গৰাকীক তদন্তৰ সোধ-পোচৰ নামত অশ্লীল প্ৰস্তাৱ দিয়ে ৷

সাতগাঁও থানাৰ উপপৰিদৰ্শকক 'ৰিজাৰ্ভ ক্ল'জদ'

By

Published : Jun 13, 2019, 12:14 PM IST

গুৱাহাটী, 13 জুন :গুৱাহাটীৰ সাতগাঁৱত এগৰাকীক মহিলাক অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগত 'ৰিজাৰ্ভ ক্ল'জদ' হ'ল সাতগাঁও থানাৰ এগৰাকী উপ-পৰিদৰ্শক ৷ অভিযুক্ত বিষয়া গৰাকী জাকিৰ হুছেইন খণ্ডকাৰ ৷

জানিব পৰা মতে, পাঞ্জাবাৰী হিলতপ ৰোডৰ এগৰাকী মহিলাই জয়ন্ত ডেকা আৰু নিপেন ডেকা নামৰ দুজন লোকৰ বিৰুদ্ধে সাতগাঁও থানাত এজাহাৰ দাখিল কৰিছিল ৷ গোচৰতো তদন্ত কৰাৰ বাবে সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই জাকিৰ হুছেইন খণ্ডকাৰক দায়িত্ব দিছিল ৷ সেইসময়তে উপ-পৰিদৰ্শক খণ্ডকাৰে চাৰি দিনৰ চুটি লয় ৷ চুটি লোৱা অৱস্থাতে উপ-পৰিদৰ্শক খণ্ডকাৰে এজাহাৰকাৰী মহিলা গৰাকীক সাক্ষ্য জবানবন্দী ল'বলৈ খণ্ডকাৰৰ পাঞ্জাবাৰীস্থিত ঘৰলৈ মাতি পঠিয়ায় ৷ তেনে সময়তে বিষয়া জনে, মহিলা গৰাকীক তদন্তৰ সোধ-পোচৰ নামত অশ্লীল প্ৰস্তাৱ দিয়ে ৷ ইয়াতে ক্ষুণ্ণ হৈ মহিলাগৰাকীয়ে বিষয়াজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ এজাহাৰ দাখিল কৰাৰ পাচতেই মহানগৰ আৰক্ষীয়ে বিভাগীয়ভাৱে তদন্ত কৰি তৎকালীন ভাৱে বলবৎ হোৱাকৈ উপ-পৰিদৰ্শক খণ্ডকাৰক 'ৰিজাৰ্ভ ক্ল'জদ' কৰে ৷

সাতগাঁও থানাৰ উপ-পৰিদৰ্শকক 'ৰিজাৰ্ভ ক্ল'জদ'

ABOUT THE AUTHOR

...view details