গুৱাহাটী, ১৪ অক্টোবৰ : নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি নিৰ্বাচনৰ (AICC presidential poll) বাবে প্ৰদেশ কংগ্ৰেছতো ব্যাপক তৎপৰতা আৰম্ভ হৈছে । নিৰ্বাচনৰ বাবে গুৱাহাটীৰ ৰাজীৱ ভৱনো সাজু হৈছে । কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি নিৰ্বাচনত অসমৰ ২৮০ গৰাকী প্রতিনিধিয়ে ভোটাধিকাৰ সাব্যস্ত কৰিব । দলীয় ভোটাৰৰ সমৰ্থন বিচাৰি ইতিমধ্যে ১০ অক্টোবৰত অসমলৈ আহি গৈছে সভাপতি পদৰ এগৰাকী প্ৰাৰ্থী মল্লিকার্জুন খাৰ্গে (AICC presidential candidate Mallikarjun Kharge) ।
এতিয়া আহিব আনগৰাকী প্ৰাৰ্থী শশী থাৰুৰ । কাইলৈ অৰ্থাৎ শনিবাৰে প্ৰচাৰৰ বাবে আহিব শশী থাৰুৰ (Sashi Tharoor to visit Guwahati) । এই কথা জানিবলৈ দিয়ে প্রদেশ কংগ্ৰেছৰ মিডিয়া বিভাগে । মিডিয়া বিভাগে জনোৱা মতে, ১৫ অক্টোবৰত শশী থাৰুৰ প্ৰচাৰৰ বাবে গুৱাহাটীলৈ আহিব (AICC presidential candidate Sashi Tharoor) ।
নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি পদৰ প্রার্থী, প্রাক্তন মন্ত্রী, সাংসদ শশী থাৰুৰে কাইলৈ বিয়লি ৪.৩০ বজাত গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰিব । ইয়াৰ পাছত সন্ধিয়া ৫.৩৫ বজাত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ প্রতিনিধিসকলৰ সভাত অংশগ্রহণ কৰিব আৰু সন্ধিয়া ৬.৩০ বজাত ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰিব । সন্ধিয়া ৭.৩০ বজাত তেওঁ প্ৰদেশ কংগ্ৰেছৰ যুৱ প্ৰতিনিধিসকলেৰে বাৰ্তালাপ কৰিব আৰু নিশা ৮.৩০ বজাত কংগ্ৰেছৰ জ্যেষ্ঠ প্রতিনিধিবৰ্গৰ সৈতে বৈঠকত মিলিত হ'ব ।