অসম

assam

ETV Bharat / state

বিজেপিত মেয়ৰ কেন্দ্ৰিক সংঘাত, দল এৰিলে শশাংকই - গুৱাহাটী পৌৰ নিগমৰ মেয়ৰৰ নাম ঘোষণা

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰৰ নাম ঘোষণাৰ লগে লগে বিজেপিত আৰম্ভ ক্ষোভৰ জুই ৷ মেয়ৰৰ পদ নাপাই ক্ষুব্ধ হৈ দল এৰিলে শশাংকজ্যোতি ডেকা(Sashanka jyoti Deka resign from BJP) ই ৷ ফণীন্দ্ৰনাথ শৰ্মাক ফোনেৰে জনালে দলত্যাগৰ কথা ৷

Sashanka jyoti Deka resign from BJP
দল এৰিলে শশাংকই

By

Published : May 3, 2022, 1:29 PM IST

Updated : May 3, 2022, 1:57 PM IST

নিউজ ডেস্ক, 3 মে’ : বিজেপিৰ ৰাজ্যিক নেতৃত্বই মঙলবাৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আৰু ডেপুটি মেয়ৰৰ নাম ঘোষণা কৰাৰ পিছতে দলটোৰ আভ্যন্তৰত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে ৷ দলীয় নেতৃত্বৰ এনে সিদ্ধান্তত ক্ষুব্ধ হৈ দলটোৰ আগশাৰীৰ যুৱ নেতা তথা একেৰাহে দুবাৰকৈ কাউঞ্চিলৰ হিচাপে নিৰ্বাচিত হোৱা শশাংকজ্যোতি ডেকাই ত্যাগ কৰিছে বিজেপি(Sashanka jyoti Deka resign from BJP) ৷

উল্লেখযোগ্য যে, সংখ্যাৰ লেখেৰে বৰ্তমানলৈ মৃগেন শৰণীয়াই একেৰাহে তিনিবাৰ আৰু শশাংকজ্যোতি ডেকাই একেৰাহে দুবাৰ কাউঞ্চিলৰ হিচাপে নিৰ্বাচিত হৈছে ৷ তেনেক্ষেত্ৰত এইবাৰ গুৱাহাটী পৌৰ নিগমৰ 60 খন আসনৰ ভিতৰত 58 খনেই বিজেপি আৰু মিত্ৰদলে লাভ কৰাৰ পিছত স্বাভাৱিকতে মেয়ৰৰ আসনত কোন অধিষ্ঠিত হ’ব তাকে লৈ দলটোৰ ভিতৰত এক উৎকণ্ঠাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷

মেয়ৰ পদৰ বাবে শক্তিশালী দাবীদাৰ হিচাপে থিয় দিছিল মৃগেন শৰণীয়া আৰু শশাংকজ্যোতি ডেকা উভয়ে ৷ পূৰ্বতেও সুকলমে মেয়ৰৰ দায়িত্ব পালন কৰা মৃগেন শৰণীয়া হৈছে পূৰ্বৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অতিকৈ ঘনিষ্ঠ ৷ ইয়াৰ বিপৰীতে বিজেপিৰ যুৱ মৰ্চাৰ পৰা আৰম্ভ কৰি দলটোৰ ৰাজ্যিক নেতৃত্বলৈকে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে শশাংকজ্যোতি ডেকাই ৷ সেয়েহে মেয়ৰৰ আসনক লৈ স্বাভাৱিকতে এক অস্বস্তিকৰ পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হৈছিল বিজেপিৰ ৰাজ্যিক নেতৃত্ব ৷

অৱশেষত মঙলবাৰে পুৱাই বিজেপিৰ ৰাজ্যিক নেতৃত্বই পুনৰ মৃগেন শৰণীয়াকে মেয়ৰ হিচাপে বাছনি কৰা(Names of GMC mayor has announced) ত ক্ষুব্ধ হৈ পৰে শশাংকজ্যোতি ডেকা ৷

ইটিভি ভাৰতক শশাংকজ্যোতি ডেকাই মঙলবাৰে কয়, "দলৰ এই সিদ্ধান্ত মানি লোৱাটো মোৰ পক্ষে সম্ভৱ নহ’ব ৷ সেয়েহে বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাক মই ইতিমধ্যে টেলিফোনযোগে দল ত্যাগ কৰাৰ সিদ্ধান্ত অৱগত কৰিছো ৷ কিছুসময়ৰ পিছতে আনুষ্ঠানিকভাৱে মই মোৰ দলত্যাগৰ পত্ৰ তেওঁৰ হাতত দাখিল কৰিম" ৷ স্বাভাৱিকতে মেয়ৰ কেন্দ্ৰিক এই সংঘাতে বিজেপিৰ ৰাজ্যিক নেতৃত্বক যে ক্ষতি কৰিব সেয়া নিশ্চিত ৷ কিন্তু দলৰ সভাপতি ভৱেশ কলিতাই দলটোৰ ভিতৰত জ্বলা এই ক্ষোভৰ জুই কিদৰে নুমুৱাব পাৰে সেয়াহে চাবলগীয়া হ’ব ৷

লগতে চাওক:পুনৰ গুৱাহাটীৰ মেয়ৰ হ’ল মৃগেন শৰণীয়া

Last Updated : May 3, 2022, 1:57 PM IST

ABOUT THE AUTHOR

...view details