গুৱাহাটী, ১৮ ছেপ্টেম্বৰ : ৰাজ্যসভাত খালি হৈ থকা এখন আসনৰ বাবে ২১ ছেপ্টেম্বৰত মনোনয়ন পত্ৰ দাখিল কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । শুকুৰবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই অসমৰ আসনখনৰ বাবে সৰ্বানন্দ সোণোৱালকেই প্ৰাৰ্থী হিচাপে আনুষ্ঠানিকভাৱে নাম ঘোষণা কৰে ৷ শনিবাৰে বিয়লি বিধানসভা সচিবালয়ৰ পৰা বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা আৰু দলৰ জ্যেষ্ঠ নেতা শান্তনু ভৰালীয়ে সোণোৱালৰ বাবে মনোনয়নৰ যাৱতীয় প্ৰ-পত্ৰ সংগ্ৰহ কৰে ।
উল্লেখ্য যে, এখন আসনৰ বাবে ৪ অক্টোবৰত অনুষ্ঠিত হ'ব নিৰ্বাচন ৷ সোণোৱালৰ ঘনিষ্ঠ এক সূত্ৰই সদৰী কৰা মতে, ২১ ছেপ্টেম্বৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিব । মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ২২ ছেপ্টেম্বৰ ।
লগতে পঢ়ক:AMCH ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিক উন্নত চিকিৎসাৰ বাবে GMCH লৈ স্থানান্তৰ