অসম

assam

ETV Bharat / state

Sonowal in Dirugarh: যোগক জীৱনৰ অভিন্ন অংগ কৰি ল'বলৈ ছাত্ৰ-ছাত্ৰীক আহ্বান সৰ্বানন্দ সোণোৱালৰ - Sonowal in Dirugarh

ডিব্ৰগড়ৰ বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানত উপস্থিত হৈ নষ্টালজিক হৈ পৰিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal is nostalgic in Dibrugarh) । নিজে পঢ়া বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহত উপস্থিত হৈ নিজে পঢ়ি অহা সময়ৰ কথা সুঁৱৰিলে সোণোৱালে ।

Sarbananda Sonowal is nostalgic in Dibrugarh
বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বর্ষ সমাৰোহৰ সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোণোৱাল

By

Published : Dec 25, 2022, 9:55 AM IST

গুৱাহাটী,২৫ ডিচেম্বৰ:ডিব্ৰুগড়ৰ বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বর্ষ সমাৰোহৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোণোৱাল (Union Minister Sarbananda Sonowal) । ডিব্ৰুগড় জিলা তথা বৃহত্তৰ চাবুৱা অঞ্চলৰ এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বর্ষ সমাৰোহৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই বিদ্যালয়খনৰ প্ৰাক্তন ছাত্র সোণোৱালে (CM Himanta Biswa Sarma in Dibrugarh) ।

অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে সোণালী জয়ন্তী উদযাপন সমিতিৰ মুখ্য সম্পাদক তথা বিদ্যালয়ৰ প্ৰধান শিক্ষক বিৰাজ দিহিংগীয়াই । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে বিদ্যালয়খনৰ নৱনিৰ্মিত গৃহ, স্মার্ট ক্লাছ আৰু সৌৰশক্তিচালিত প্ৰকল্পৰ শুভ উদ্বোধন কৰাৰ লগতে পকীবেৰৰ আধাৰশিলা স্থাপন কৰে ।

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, তেওঁৰ ছাত্ৰাৱস্থাৰ মধুৰ স্মৃতিজড়িত বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ে ইতিমধ্যে সফলতাৰে পূৰ্ণ কৰিছে আলোকিত সোণালী জয়ন্তী বৰ্ষ (Sarbananda Sonowal is nostalgic in Dibrugarh) । জীৱন গঢ়াৰ আখৰাস্থলী আপোন বিদ্যালয়খনৰ সোণালী জয়ন্তী বর্ষ সমাৰোহৰ সামৰণি অনুষ্ঠানত আজি উপস্থিত থাকি অতিশয় আপ্লুত হৈছে বুলিও উল্লেখ কৰে সোণোৱালে ।

সোণোৱালে লগতে ভাষণ প্ৰসংগত কয় যে, শিক্ষা অবিহনে ব্যক্তি, পৰিয়াল, সমাজ আৰু ৰাষ্ট্ৰ অসম্পূৰ্ণ । আদিগুৰু অৰ্থাৎ পিতৃ-মাতৃ, শিক্ষাগুৰু আৰু ছাত্ৰ-ছাত্ৰীৰ একত্ৰিত প্ৰচেষ্টাৰ ফলশ্ৰুতিতেই এখন সমাজ, এখন ৰাষ্ট্ৰ জ্ঞানৰ পোহৰৰ দিশে ক্ষিপ্ৰতাৰে আগুৱাই যায় । জ্ঞানৰ পোহৰেৰে সমাজক আলোকিত কৰাৰ মহৎ যাত্ৰাত বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ে অনাগত দিনবোৰতো অগ্রণী ভূমিকা পালন কৰি যাব বুলি আশা প্ৰকাশ কৰে সোণোৱালে ।

তেওঁ লগতে কয় যে, এই বিদ্যালয়খন তেওঁলোকৰ কৈশোৰৰ নষ্টালজিয়া, য'ত তেওঁলোকে মূল্যবোধৰ শিক্ষা লাভ কৰিছিল । সৰ্বানন্দ সোণোৱালে শিক্ষার্থীসকলক উদ্দেশ্যি কয় যে, জীৱনৰ সকলো প্ৰত্যাহ্বান, ধুমুহা নেওচি অদম্য সাহস, একাগ্রতা, অধ্যৱসায় আৰু আত্মবিশ্বাসেৰে ছাত্ৰ-ছাত্ৰীসকলে জীৱনপথত আগুৱাই যাব লাগিব আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত শক্তিশালী ভূমিকা গ্ৰহণ কৰিব লাগিব ।

তদুপৰি প্রকৃতিক ভাল পাবলৈ আৰু প্ৰকৃতিৰ প্ৰতি থকা দায়বদ্ধতা নিয়াৰিকৈ পালন কৰাৰ বাবেও সোণোৱালে উপস্থিত সকলোকে আহ্বান জনায় । ভাষণ প্রসংগত তেখেতে যোগ আদিৰ উপৰি পৰম্পৰাগত চিকিৎসা প্ৰণালীৰ সুফল সন্দৰ্ভত আলোকপাত কৰে আৰু সুস্থ-সবল জীৱন যাপনৰ বাবে যোগক অভিন্ন অংগ কৰি ল'বলৈ শিক্ষার্থীসকলক বিশেষকৈ আহ্বান জনায় ।

আনহাতে ভাষণৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, কেইদিনমানৰ পূর্বে বিন্ধাকটা অঞ্চলৰ সুসন্তান, অসম মাতৃৰ সু-সন্তান সৰ্বানন্দ সোণোৱালে বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ উন্নয়নৰ বাবে ৩ কোটি টকা দিবলৈ মুখ্যমন্ত্ৰীক আন্তৰিক আহ্বান জনাইছিল । এয়া এগৰাকী প্ৰাক্তন শিক্ষাৰ্থীৰ নিজৰ বিদ্যালয়খনৰ প্ৰতি থকা কৃতজ্ঞতা আৰু মৰমৰ চিন বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উক্ত অনুষ্ঠানত লগতে উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ প্ৰদান বৰুৱা, মন্ত্ৰী বিমল বড়া, বিধায়ক প্রশান্ত ফুকন, পোনাকণ বৰুৱা, বিনোদ হাজৰিকা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা প্ৰমুখ্যে বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল আৰু গণ্য-মান্য ব্যক্তিসকল ।

লগতে পঢ়ক:Two tourist from Russia die by suicide: ওডিশাৰ ৰায়গদাত তিনিদিনত দুজন ৰাছিয়াৰ পৰ্যটকৰ মৃত্যু

ABOUT THE AUTHOR

...view details