গুৱাহাটী, 28 ছেপ্তেম্বৰ :অৱশেষত বিধায়ক পদ ত্যাগ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । উপ-নিৰ্বাচনৰ দিন ঘোষণাৰ পাচতে আজি অৰ্থাৎ মঙলবাৰে পদত্যাগ কৰে সোণোৱালে । বিধানসভাৰ অধ্যক্ষলৈ আজি সোণোৱালে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ।
মাজুলীৰ বিধায়ক পদ ত্যাগ সৰ্বানন্দ সোণোৱালৰ অসমৰ ছটা সমষ্টিত উপ-নিৰ্বাচন হ'ব যদিও সোণোৱালে মাজুলী সমষ্টিৰ বিধায়ক পদ ত্যাগ নকৰাত নিৰ্বাচন আয়োগে ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল । সেই অনুসৰি ৩০ অক্টোবৰত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । সোণোৱালে বিধায়ক পদ ত্যাগ কৰাৰ লগে লগে মাজুলীতো অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন ।
অৱশ্যে ৩০ অক্টোবৰতে আন ৫ টা সমষ্টিৰ লগতে মাজুলীতো উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব নে নাই সেই কথা নিৰ্বাচন আয়োগে এতিয়ালৈকে জনোৱা নাই । অৱশ্যে উপ-নিৰ্বাচন সন্দৰ্ভত নিৰ্বাচন আয়োগে ১ অক্টোবৰত জাৰি কৰিব অধিসূচনা । প্ৰাপ্ত তথ্য অনুসৰি, উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ৮ অক্টোবৰ ।
৩০ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাচত ২ নবেম্বৰত হ'ব ভোট গননা । অসমৰ পাঁচটা সমষ্টি ক্ৰমে গোসাঁইগাঁও-২৮, ভৱানীপুৰ-৪১, তামুলপুৰ-৫৮, মৰিয়নী-১০১ আৰু থাউৰা-১০৭ত হ’ব উপ নিৰ্বাচন । মাজুলীৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা নাই যদিও সোণোৱালে পদত্যাগ কৰাত ৬ টা সমষ্টিতে হ'ব উপ-নিৰ্বাচন । উল্লেখ যে, কেন্দ্ৰীয় মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে স্থান পোৱা সোণোৱালে সোমবাৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয় ।
লগতে পঢ়ক:পুডুচেৰীত বিজেপিৰ দখলত ৰাজ্যসভাৰ প্ৰথমখন আসন