অসম

assam

ETV Bharat / state

Sarbananda Sonowal press conference: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক কৰা অপমানৰ বাবে কংগ্ৰেছে ক্ষমা খোজক - কংগ্ৰেছৰ গভীৰ ষড়যন্ত্ৰ

শেহতীয়াকৈ কংগ্ৰেছ দলে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অপমানসূচক মন্তব্য কৰিছিল ৷ যাৰ বিৰুদ্ধে সৰ্বত্ৰে সৃষ্টি হৈছে ভিন্ন প্ৰতিক্ৰিয়াৰ ৷ এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালসহ কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে বৃহস্পতিবাৰে বিয়লি নতুন দিল্লীস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি কটু সমালোচনা কৰে কংগ্ৰেছ দলক (Sarbananda Sonowal criticized Congress) ৷

Sarbananda Sonowal criticized Congress
ৰাষ্ট্ৰপতি দোৰৌপদী মুৰ্মুক কৰা অপমানৰ বাবে কংগ্ৰেছে ক্ষমা খোজক: সৰ্বানন্দ সোণোৱাল

By

Published : Jul 28, 2022, 7:00 PM IST

নিউজ ডেস্ক, ২৮ জুলাই : কংগ্ৰেছে শেহতীয়াকৈ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ‘ৰাষ্ট্ৰপত্নী’ বুলি অভিহিত কৰি দেশৰ সৰ্বোচ্চ পদ, ভাৰতীয় মহিলা আৰু জনজাতীয়সকলক যি চূড়ান্ত অপমান কৰিছে, তাৰ প্ৰতি তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal criticized Congress) ।

আজি অৰ্থাৎ বৃহস্পতিবাৰে এই সন্দৰ্ভত নতুন দিল্লীস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰে সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal press conference in Delhi) ৷ সোণোৱালে কয়, ‘‘দেশৰ প্ৰথম নাগৰিক, সন্মানীয় ৰাষ্ট্ৰপতি শ্ৰীযুতা দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক লৈ কংগ্ৰেছে যি অশিষ্টাচাৰমূলক টিপ্পনী কৰিছে, সেয়া অত্যন্ত গৰিহণাযোগ্য ।

এয়া দেশৰ সৰ্বোচ্চ পদৰ প্ৰতি, আদিবাসী মহিলা আৰু জনজাতীয় সম্প্ৰদায়ৰ প্ৰতি চূড়ান্ত অপমান । এয়া গণতন্ত্ৰৰ অপমান । এই অপমানসূচক ভাষা প্ৰয়োগে কংগ্ৰেছৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে । ইয়াৰ বাবে তেওঁলোকে অনতিপলমে দেশবাসীৰ ওচৰত ক্ষমা খুজিব লাগে’’ ।

লগতে সোণোৱালে কয়, ‘‘কংগ্ৰেছে তেওঁলোকৰ শাসনকালত জনজাতীয়, আদিবাসী, সামাজিকভাৱে পিছপৰা শ্ৰেণীক সম্পূৰ্ণৰূপে অৱহেলা কৰি ৰাখিছিল । জনজাতীয় লোকসকলৰ প্ৰতি তেওঁলোকৰ যে অকণো সন্মান নাই ৷ সেই কথা আজি তেওঁলোকৰ ব্যৱহাৰে পুনৰবাৰ উদঙাই দিলে’’ ।

‘‘ময়ো এগৰাকী জনজাতীয় লোক হিচাপে কংগ্ৰেছৰ এই অশিষ্টাচাৰী বাক্যবাণক তীব্ৰ নিন্দা কৰিছোঁ । আমি অনুভৱ কৰিছোঁ যে, দেশৰ একতা আৰু অখণ্ডতা বিনষ্ট কৰা আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ভাৱনাক দুৰ্বল কৰাৰ দিশত এয়া কংগ্ৰেছৰ গভীৰ ষড়যন্ত্ৰ । দেশবাসীয়ে ইয়াৰ বাবে কংগ্ৰেছক কেতিয়াও ক্ষমা নকৰে’’ ।

সোণোৱালে এনেদৰে উল্লেখ কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে । এই সংবাদমেলত সোণোৱালৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীদ্বয় ড৹ ভাৰতী পাৱাৰ আৰু ৰামেশ্বৰ তেলী ।

লগতে পঢ়ক :Jihadi arrested at Barpeta: ৰাজ্যৰ গৃহ বিভাগক জগৰীয়া জাকিৰ হুছেইন শিকদাৰৰ

ABOUT THE AUTHOR

...view details