গুৱাহাটী, ২6 জুন : সম্পূৰ্ণ এটা সপ্তাহৰ অপেক্ষাৰ অন্তত শুকুৰবাৰে সন্ধিয়া নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ সক্ষম হয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । শুকুৰবাৰে সন্ধিয়া সুকীয়া সুকীয়াকৈ দুয়োকে সাক্ষাৎ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে । অসমত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিছতে পূৰ্বৰ মুখ্যমন্ত্ৰী সোণোৱালক দলে ক'ত কেনেদৰে পুনৰ সংস্থাপিত কৰিব তাকে লৈ ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছিল ।
যিহেতু চলিত মাহতে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰাটো নিশ্চিত সেয়েহে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই সোণোৱালক কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰিছিল । উল্লেখ্য যে, ১৮ জুনত হঠাতে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই সোণোৱালক জৰুৰীভাৱে দিল্লীলৈ তলব কৰা পাচৰে পৰা সৰ্বানন্দ সোণোৱাল দিল্লীতে বাহৰ পাতি আছে ৷ কিন্তু মনকৰিবলগীয়া কথাটো হ'ল বিগত প্ৰায় এটা সপ্তাহে দিল্লীত বাহৰ পাতি থকা স্বত্বেও সোণোৱালে প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰী কোনো এজনৰে সাক্ষাৎ কৰিবৰ সুযোগ পোৱা নাছিল ৷ ইয়াৰ বিপৰীতে যোৱা দিনকেইটাত তেওঁ দলৰ সভাপতি জে পি নাড্ডা সমন্বিতে আন একাংশ শীৰ্ষ দলীয় নেতাকহে সাক্ষাৎ কৰিবলৈ সক্ষম হৈছিল ।