অসম

assam

ETV Bharat / state

মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰাজ্যৰ উদ‍্যোগপতিৰে বাৰ্তালাপ - Sarbananda sonowal meeting with industrialist of Assam

'অসমত মুঠ ৬৪ হাজাৰ ক্ষুদ্ৰ , মধ‍্যম আৰু বৃহৎ উদ‍্যোগ আছে। এই উদ‍্যোগসমূহৰ জি ডি পি ৪.০৯ লাখ কোটি টকা। ইয়াৰ ৩৯ শতাংশই উদ‍্যোগৰ পৰা আহে। ১৭ শতাংশ কৃষি আৰু ৪৪ শতাংশ সেৱা খণ্ডৰ পৰা আহে। উদ‍্যোগিক খণ্ডটোৱে অসমত প্ৰত্যক্ষভাৱে ১০ লাখ আৰু পৰোক্ষভাৱে ২০ লাখ মানুহক সংস্থাপন দি আছে।

Sarbananda sonowal meeting with business man of Assam
মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰাজ্যৰ উদ‍্যোগপতিৰে বাৰ্তালাপ

By

Published : May 11, 2020, 7:13 PM IST

গুৱাহাটী, 11মে':সোমবাৰে খানাপাৰা ষ্টাফ কলেজত অসমৰ উদ‍্যোগপতিৰে আলোচনাত মিলিত হয় মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। এই আলোচনাত বহুকেইটা বৃহৎ বৃহৎ কোম্পানীৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। আলোচনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি তেওঁ কয় যে, 'অসমত মুঠ ৬৪ হাজাৰ ক্ষুদ্ৰ , মধ‍্যম আৰু বৃহৎ উদ‍্যোগ আছে। এই উদ‍্যোগসমূহৰ জি ডি পি ৪.০৯ লাখ কোটি টকা । ইয়াৰ ৩৯ শতাংশই উদ‍্যোগৰ পৰা আহে। ১৭ শতাংশ কৃষি আৰু ৪৪ শতাংশ সেৱা খণ্ডৰ পৰা আহে। উদ‍্যোগিক খণ্ডটোৱে অসমত প্ৰত্যক্ষভাৱে ১০ লাখ আৰু পৰোক্ষভাৱে ২০ লাখ মানুহক সংস্থাপন দি আছে । আমি নতুন উদ‍্যমেৰে আমাৰ উদ‍্যোগ ক্ষেত্ৰখন আগবঢ়াই নিয়াৰ বাবে চেষ্টা কৰিম। উল্লেখ‍্য যে, আজিৰ আলোচনা সভাত ITC, IOCL, NRL দৰে বহু কেইটা আগশাৰীৰ উদ‍্যোগ প্ৰতিস্থানে অংশগ্ৰহণ কৰে।

মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অসমৰ উদ‍্যোগপতিৰে বাৰ্তালাপ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details