অসম

assam

ETV Bharat / state

কোচিন মীনপালন হাৰ্বাৰৰ আধাৰশিলা স্থাপন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - Cochin Fisheries Harbour

১৬৯.১৭ কোটি টকাৰ ব্যয়সাপেক্ষে কোচিন মীনপালন হাৰ্বাৰৰ আধাৰশিলা স্থাপন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয় আৰু মীন বিভাগে এই প্রকল্পটো বাস্তৱায়িত কৰিবলৈ একেলগে কাম কৰি আছে ৷ এই প্ৰকল্পৰ দ্বাৰা মাছ আৰু মাছৰ সামগ্ৰীৰ ৰপ্তানি বছৰি ১৫০০ কোটি টকা বৃদ্ধি পাব বুলি দাবী সর্বানন্দ সোণোৱালৰ ৷

Sarbananda Sonowal Laying the foundation stone cochin Sagarmala
কোচিন মীনপালন হাৰ্বাৰৰ আধাৰশিলা স্থাপন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

By

Published : Jun 11, 2023, 11:00 PM IST

গুৱাহাটী,১১ জুন : কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় মীনপালন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী পুৰুষোত্তম ৰূপালাই কেৰালাৰ থম্পাডীত কোচিন ফিছিং বন্দৰৰ আধুনিকীকৰণ আৰু উন্নীতকৰণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে ৷

এই প্ৰকল্পটো প্ৰায় ১৬৯.১৭ কোটি ব্যয়েৰে বিকশিত কৰা হ'ব । সামগ্রিক প্ৰকল্পটো মীন বিভাগৰ অধীনত প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা (পিএমএমএছৱাই) আঁচনিৰ ৫০ কোটি টকাৰ অনুদানৰ জৰিয়তে আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সাগৰমালা প্রকল্প আঁচনি (৫০ কোটি টকা) আৰু পিপিপি অপাৰেটৰৰ বিনিয়োগ ৫৫.৮৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব ।

এই প্ৰকল্পৰ অধীনত চাৰিটা তাপমাত্রা নিয়ন্ত্ৰিত নিলাম হলৰ নিৰ্মাণে মাছ ধৰা বন্দৰৰ ক্ষমতা প্রতিদিনে ৪১৫ টন বৃদ্ধি কৰিব । অনুষ্ঠানত সৰ্বানন্দ সোণোৱালে ভার্চুৱেলী কয় যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মাছৰ উৎপাদন দুগুণ কৰা আৰু মীনপালন খণ্ডক সমৃদ্ধ কৰাত গুৰুত্ব আৰোপ কৰিছে ।

প্ৰধানমন্ত্ৰীৰ সবল নেতৃত্বত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয় আৰু মীন বিভাগে কোচিন ফিচাৰিছ হাৰ্বাৰক বাস্তৱত পৰিণত কৰিবলৈ একেলগে কাম কৰি আছে । কোচিন মীনপালন বন্দৰৰ উন্নয়নে মাছমৰীয়াসকলৰ জীৱন ধাৰণৰ মান আৰু অৰ্থনীতি উন্নত কৰিব । প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পাছত মাছ আৰু মীনজাত সামগ্ৰীৰ ৰপ্তানি বছৰি ১৫০০ কোটি টকালৈ বৃদ্ধি হ'ব বুলি ধাৰণা কৰা হৈছে বুলিও উল্লেখ কৰে সোণোৱালে ।

১৬৯.১৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া কোচিন ফিছিং হাৰ্বাৰ নিৰ্মাণৰ ফলত মাছমৰীয়াসকল যথেষ্ট উপকৃত হ'ব আৰু মাছৰ ৰপ্তানি অতি সহজ হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী পৰশোত্তম ৰূপালাই উল্লেখ কৰে । কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত অভিলাষী সাগৰমালা কাৰ্যসূচীৰ জৰিয়তে ২০৩৫ চনৰ ভিতৰত মুঠ ৫.৫ লাখ কোটি টকাৰ ৮০২টা প্ৰকল্প সম্পাদন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে, যাৰ দ্বাৰা দেশৰ সামুদ্রিক উন্নয়ন ত্বৰান্বিত হ'ব । এই প্রকল্পসমূহৰ ভিতৰত মুঠ ৯৯,২৮১ কোটি টকাৰ ২০২টা প্ৰকল্প সম্পূৰ্ণ হৈছে ।

সাগৰমালাৰ অধীনত উপকূলীয় ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত মুঠ ১০,৯০০ কোটি টকাৰ ১৭১ টা প্ৰকল্পৰ বাবে আংশিকভাৱে পুঁজি যোগান ধৰা হৈছে । সাগৰমালা কাৰ্যসূচীৰ অধীনত মুঠ ৬২০ কোটি টকাৰে ৯টা মাছ ধৰা বন্দৰ প্ৰকল্প সম্পূৰ্ণ কৰা হৈছে । ইয়াৰ জৰিয়তে ৩০,০০০ মাছমৰীয়া উপকৃত হ'ব । ইয়াৰ উপৰিও ৫৫০ কোটি টকা ব্যয়েৰে ৫টা মাছ ধৰা বন্দৰৰ আধুনিকীকৰণ কৰা হৈছে ।

লগতে পঢ়ক:Flood at Gohpur: এজাক বৰষুণতে বানত বুৰিল গহপুৰ

ABOUT THE AUTHOR

...view details