অসম

assam

ETV Bharat / state

Sarbananda Sonowal: বিশ্ব সামুদ্ৰিক ভাৰত সন্মিলনে ভাৰতক সেউজ অনুকূল পৰিবহণৰ বাবে উদ্বুদ্ধ কৰিছে : সৰ্বানন্দ সোণোৱাল

গ্লোবেল মেৰিটাইম ইণ্ডিয়া ছামিট ২০২৩ৰ দ্বিতীয় দিনা ২.৩৭ লাখ কোটি টকাৰ বৃহৎ বিনিয়োগৰ অভিলেখ । বন্দৰ উন্নয়ন আৰু আধুনিকীকৰণ, সেউজ হাইড্ৰজেন, বন্দৰ নেতৃত্বাধীন উন্নয়ন, ব্যৱসায়-বাণিজ্য, জাহাজ নিৰ্মাণ আৰু জ্ঞান অন্বেষণত গুৰুত্ব আৰোপ কৰি ৭০ খন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত । ব্ৰহ্মপুত্ৰৰ জৰিয়তে সামুদ্ৰিক বাণিজ্য আৰু সামুদ্ৰিক সংযোগ বৃদ্ধিৰ বাবে ভাৰত আৰু বাংলাদেশৰ মাজত গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰ ।

Global Maritime India Summit 2023
বিশ্ব সামুদ্ৰিক ভাৰত সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 9:59 PM IST

গুৱাহাটী, ১৮ অক্টোবৰ : মুম্বাইত অনুষ্ঠিত বিশ্বৰ অন্যতম বৃহৎ সামুদ্ৰিক সন্মিলন 'গ্লোবেল মেৰিটাইম ইণ্ডিয়া ছামিট' (জি এম আই এছ) ২০২৩ৰ দ্বিতীয় দিনা ২.৩৭ লাখ কোটি টকাৰ বৃহৎ বিনিয়োগৰ অভিলেখ সৃষ্টি হৈছে । আজিৰ দিনটোত সামুদ্ৰিক খণ্ডৰ বিভিন্ন গুৰুত্বপূৰ্ণ অংশ বন্দৰ উন্নয়ন আৰু আধুনিকীকৰণ, সেউজ হাইড্ৰ’জেন আৰু এমোনিয়া, বন্দৰ নেতৃত্বাধীন উন্নয়ন, ব্যৱসায়-বাণিজ্য, জাহাজ নিৰ্মাণ, জ্ঞানৰ আদান-প্ৰদান আৰু বন্দৰ সংযোগৰ ক্ষেত্ৰত প্ৰায় ৭০ খন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় ।

বিশ্ব সামুদ্ৰিক ভাৰত সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীদ্বয় শ্ৰীপদ নায়েক আৰু শান্তনু ঠাকুৰৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় । আনহাতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইটালী, তাঞ্জানিয়া আৰু শ্ৰীলংকাৰ মন্ত্ৰীসকলৰ সৈতে মন্ত্ৰী পৰ্যায়ৰ দ্বিপাক্ষিক বৈঠকতো মিলিত হয় । য'ত তেওঁলোকে দেশসমূহৰ মাজত সামুদ্ৰিক সম্পৰ্ক অধিক শক্তিশালী আৰু গভীৰ কৰাৰ বাবে একাধিক বিষয়ৰ সন্দৰ্ভত আলোচনা কৰে ।

বিশ্ব সামুদ্ৰিক ভাৰত সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে আজি গ্লোবেল মেৰিটাইম ইণ্ডিয়া সন্মিলন, ২০২৩ত ২.৩৭ লাখ কোটি টকাৰ বিনিয়োগেৰে অভিলেখ সংখ্যক ৭০ খন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে । ইয়াৰ দ্বাৰা দেশৰ বহনক্ষম উন্নয়নত এক নতুন যুগৰ সূচনা হ'ব । ভাৰতত সামুদ্ৰিক খণ্ডই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে । ই ভাৰতৰ বাবে সেউজ স্থিৰতা পৰিবহণৰ দিশে যাত্ৰা কৰাৰ পথ প্ৰশস্ত কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে বিগত ৯ বছৰত বহুমুখী আৰু সৰ্বাংগীণ বিকাশ লাভ কৰিছে । সামুদ্ৰিক খণ্ডও ইয়াৰ ব্যতিক্ৰম নহয় । মোদীৰ বলিষ্ঠ নেতৃত্বত ভাৰতে বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিত পৰিণত হৈছে বুলি তেওঁ কয় ।

বিশ্ব সামুদ্ৰিক ভাৰত সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

উল্লেখ্য যে ৰাষ্ট্ৰীয় জলপথ ২ (ব্ৰহ্মপুত্ৰ)ৰ জৰিয়তে সামুদ্ৰিক বাণিজ্য আৰু সামুদ্ৰিক সংযোগ বৃদ্ধিৰ উদ্দেশ্যে আজি মুম্বাইত ইণ্ডিয়া বাংলাদেশ চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী (আই বি চি চি আই) আৰু এ টু জেড এক্সিটৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় । এই চুক্তিয়ে ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ বিভিন্ন গন্তব্যস্থান আৰু বাংলাদেশৰ মাজত বিভিন্ন সামগ্ৰী পৰিবহণৰ সম্ভাৱনীয়তা অন্বেষণ কৰাৰ পৰিকাঠামো নিৰ্ধাৰণ কৰিব । এই প্ৰচেষ্টাই ভাৰতত পৰিচালিত বন্দৰসমূহ ব্যৱহাৰ কৰি ভাৰত, বাংলাদেশ আৰু কাষৰীয়া দেশৰ পৰা ভূটানলৈ জাহাজেৰে আমদানি কৰিবলগীয়া বাণিজ্যৰ পৰ্যাপ্ত পৰিমাণৰ সুবিধা প্ৰদান কৰি সহায় আগবঢ়াব ।

লগতে পঢ়ক:Court notice to Assam CM: ১৮ নৱেম্বৰত উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰ আদালতত হাজিৰ হ’ব লাগিব মুখ্যমন্ত্ৰী ড৹ শৰ্মা

ABOUT THE AUTHOR

...view details