গুৱাহাটী, ২৭ ছেপ্টেম্বৰ :বিনা প্ৰতিদ্বন্দিতাৰে, বিনা যুদ্ধে ৰাজ্যসভাৰ সাংসদৰূপে নিৰ্বাচিত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । সোমবাৰে বিয়লি ৩ বজাৰ লগে লগে অসম বিধানসভা সচিবালয়ত ৰাজ্যসভা নিৰ্বাচনৰ ৰিটাৰ্নিং বিষয়াই বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে আৰু সোণোৱালৰ হাতত বিজয়ীৰ প্ৰমাণপত্ৰ তুলি দিয়ে ।
সোণোৱালক এই সময়চোৱাত সংগ দিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা, সাংসদ কুইন ওজা, মন্ত্ৰী পীযুষ হাজৰিকা আদিয়ে । সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে সোণোৱালে তেওঁক বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত কৰি পঠোৱাৰ বাবে শাসক-বিৰোধী উভয় পক্ষকে ধন্যবাদ জ্ঞাপন কৰে ।