অসম

assam

By

Published : May 15, 2022, 10:45 PM IST

ETV Bharat / state

বাৰাণসীৰ পৰা কলকাতা হৈ ডিব্ৰুগড়ৰ বগীবিলৰ মাজত চলিব বিলাসী নদী ক্রুজ : সৰ্বানন্দ সােণােৱাল

প্ৰথম ইনক্ৰেডিবল ইণ্ডিয়া ইণ্টাৰনেচনেল ক্ৰুজ কনফাৰেন্স ২০২২-ৰ সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সােণােৱাল(Sarbananda Sonowal attended incredible India international cruise conference) ৷ ব্যক্তিগত অংশীদাৰ আৰু ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ তথা মুম্বাই বন্দৰ কর্তৃপক্ষৰ মাজত আঠখন গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি ।

বাৰাণসীৰ পৰা কলকাতা হৈ ডিব্ৰুগড়ৰ বগীবিলৰ মাজত চলিব বিলাসী নদী ক্রুজ
বাৰাণসীৰ পৰা কলকাতা হৈ ডিব্ৰুগড়ৰ বগীবিলৰ মাজত চলিব বিলাসী নদী ক্রুজ

গুৱাহাটী, 15 মে' :মুম্বাইত দুদিনীয়াকৈ অনুষ্ঠিত প্রথম ইনক্রেডিবল ইণ্ডিয়া ইণ্টাৰনেচনেল ক্রুজ কনফাৰেন্স ২০২২ৰ(First incredible India International Crew Conference 2022) দেওবাৰে সফল পৰিসমাপ্তি ঘটে । সামৰণিৰ দিনটোৰ অনুষ্ঠানত কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সােণােৱালৰ (Sarbananda Sonowal attended incredible India international cruise conference)লগতে কেন্দ্রীয় পর্যটন, সাংস্কৃতিক আৰু ড'নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী উপস্থিত থাকে ।

বাৰাণসীৰ পৰা কলকাতা হৈ ডিব্ৰুগড়ৰ বগীবিলৰ মাজত চলিব বিলাসী নদী ক্রুজ

অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱাল আৰু জি কিষাণ ৰেড্ডীৰ উপস্থিতিত দেশৰ ক্রুজ পর্যটন খণ্ডৰ সৰ্বাংগীণ উন্নয়নৰ লক্ষ্যৰে ব্যক্তিগত অংশীদাৰ আৰু ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ তথা মুম্বাই বন্দৰ কর্তৃপক্ষৰ মাজত আঠখন গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি সম্পন্ন হয় । ইয়াৰ ভিতৰত দুখন বুজাবুজিৰ চুক্তিয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ্ড তথা ক্রুজ পর্যটনলৈ অপাৰ সুযােগ-সম্ভাৱনা আৰু নতুন আশাৰ ৰেঙনি কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে ।

এই পদক্ষেপৰ দ্বাৰা ইণ্ডো-বাংলাদেশ প্ৰট'কল জলপথৰ মাধ্যমেৰে বাৰাণসীৰ পৰা কলকাতা হৈ ডিব্ৰুগড়ৰ বগীবিলৰ মাজত অত্যাধুনিক তথা বিলাসী নদী ক্রুজ সেৱা আৰম্ভ কৰা হ'ব । ইয়াৰ বাবে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু অন্তৰা বিলাসী নদী ক্রুজৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় ।

বাৰাণসীৰ পৰা কলকাতা হৈ ডিব্ৰুগড়ৰ বগীবিলৰ মাজত চলিব বিলাসী নদী ক্রুজ

তদুপৰি একেই লক্ষ্যৰে প্ৰাধিকৰণ আৰু জেএম বক্সি নদী ক্রুজৰ মাজতাে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় । ইফালে, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালে মুম্বাই বন্দৰৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপনৰ সৈতে সংগতি ৰাখি ৭ দিনীয়া আপুৰুগীয়া ফটো প্রদর্শন কার্যসূচীৰ শুভ উদ্বোধন কৰে । ১৮৭২ চনৰ পৰা দেশলৈ সেৱা আগবঢ়াই অহা ঐতিহাসিক মুম্বাই বন্দৰৰ বিভিন্ন যুগান্তকাৰী কামৰ নমুনা, আলােকচিত্র, তথ্য-পাতি আদিকে ধৰি বিভিন্ন সমল ইয়াতে উপলব্ধ হ'ব ।

এই প্ৰসংগত সংবাদ মাধ্যমক সম্বােধন কৰি সােণােৱালে কয় যে, সমগ্র দেশে 'আজাদী কা অমৃত মহােৎসৱ' উদযাপন কৰি থকাৰ সময়তে মুম্বাইত দেশৰ প্ৰথম ইনক্রেডিবল ইণ্ডিয়া আন্তর্জাতিক ক্রুজ সন্মিলনৰ আয়ােজন হােৱাটো খুবেই আনন্দৰ বতৰা । প্রধানমন্ত্ৰী নৰেন্দ্র মােদীৰ সবল নেতৃত্বত ভাৰতবৰ্ষই আত্মনিৰ্ভৰ হ'বলৈ অহৰহ প্রয়াস চলাই আছে । এইক্ষেত্ৰত বন্দৰসমূহৰাে ভূমিকা হ'ব সুদূৰ প্ৰসাৰী ।

তেওঁ কয় যে, মুম্বাই বন্দৰ কর্তৃপক্ষই তেওঁলােকৰ ১৫০ বছৰীয়া জয়ন্তীৰ সৈতে সংগতি ৰাখি বিভিন্ন অনুষ্ঠানৰ আয়ােজন কৰিছে । আনহাতে কেন্দ্রীয় মন্ত্রী জি কিষাণ ৰেড্ডীয়ে সন্মিলনত কয় যে, স্বদেশ দর্শন আঁচনিৰ অধীনত পর্যটন মন্ত্রনালয়ে বিভিন্ন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত ৬৪৮.৮০ কোটি টকাৰে উপকূলীয় বিষয়ভিত্তিক মুঠ দহটা প্রকল্প মঞ্জুৰ কৰিছে । চৰকাৰে পর্যটকসকলক আকর্ষিত কৰাৰ বাবে ক্রুজ পর্যটনক এক বিশেষ পর্যটন খণ্ড হিচাপে স্বীকৃতি দিছে আৰু এইক্ষেত্ৰত যথেষ্ট প্রাধান্য দি কাম কৰি আছে বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :Mission Amrit Sarovar: ৰাজ্যত হ'ব ৩,০০৭ টা অমৃত সৰােবৰ

ABOUT THE AUTHOR

...view details