অসম

assam

ETV Bharat / state

যোগক জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তোলক : সৰ্বানন্দ সোণোৱাল - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমূহীয়া যোগ প্ৰদৰ্শন

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ ২৫ দিন বাকী থকাৰ সময়তে শুকুৰবাৰে হায়দৰাবাদত উদযাপন যোগ উৎসৱ । ২১ জুনত কৰ্ণাটকৰ মাইছুৰুত(Mysuru) অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মুখ্য অনুষ্ঠান(International Yoga Day in Karnataka at Mysuru) । উক্ত অনুষ্ঠানত সমূহীয়া যোগ প্ৰদৰ্শনৰ নেতৃত্ব দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে(PM Modi will present at International Yoga Day) ।

Sarbananda Sonowal at yoga festival in Hyderabad
যোগক জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তোলক : সৰ্বানন্দ সোণোৱাল

By

Published : May 27, 2022, 10:34 PM IST

গুৱাহাটী, ২৭ মে': আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২২ লৈ (International Yoga Day 2022)২৫ দিন বাকী থকাৰ সময়তে শুকুৰবাৰে হায়দৰাবাদৰ লাল বাহাদুৰ শাস্ত্ৰী ষ্টেডিয়ামত আয়োজিত যোগ উৎসৱত সৰ্বস্তৰৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে । য'ত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Sarbananda Sonowal at yoga festival in Hyderabad) । তেলেংগানা চৰকাৰৰ সক্রিয় সহযোগত ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰাণালয়ে এই অনুষ্ঠানৰ আয়োজন কৰে ।

উক্ত অনুষ্ঠানত তেলেংগানাৰ ৰাজ্যপাল ড° তামিলিছাই সৌন্দৰাৰাজনে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । লগতে উপস্থিত থাকে কেন্দ্রীয় পৰ্যটন, সাংস্কৃতিক আৰু ড'নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী, কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ তথা আয়ুষৰ ৰাজ্যিক মন্ত্ৰী ড° মুঞ্জপাৰা মহেন্দ্ৰভাই কালুভাই, তেলেংগানা চৰকাৰৰ বিত্ত, স্বাস্থ্য, চিকিৎসা আৰু পৰিয়াল কল্যাণ মন্ত্ৰী থান্নিৰু হৰিশ ৰাও ।

যোগক জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তোলক : সৰ্বানন্দ সোণোৱাল

এই যোগ উৎসৱৰ বিষয়বস্তু হৈছে- 'যোগক আপোনাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তোলক ।' আয়ুষ মন্ত্ৰাণালয়ৰ অধীনস্থ মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ দ্বাৰা অনুষ্ঠানটো তদাৰক কৰা হৈছিল । য'ত ১০,০০০ৰো অধিক যোগ উৎসাহীয়ে উমৈহতীয়া যোগ প্ৰট'কল প্ৰদৰ্শন কৰে। অনুষ্ঠানটি পৰিচালনা কৰে প্ৰতিষ্ঠানখনৰ সঞ্চালক ড° ঈশ্বৰ ভি বাসাৱৰদ্দীয়ে ।

এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে মানৱ জীৱন সমৃদ্ধ কৰাত যোগৰ ভূমিকা আৰু সামর্থ্য লগতে যোগৰ বিভিন্ন ধৰণ-কৰণৰ বিষয়ে সজাগতা সৃষ্টি কৰা । এই যোগ উৎসৱত বিশিষ্ট ব্যক্তি, শিক্ষার্থী, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল লগতে উপস্থিত থাকে ।

যোগক জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তোলক : সৰ্বানন্দ সোণোৱাল

অনুষ্ঠানত ক্ৰীড়া আৰু সাংস্কৃতিক জগতৰ বহুকেইগৰাকী তাৰকায়ো অংশগ্ৰহণ কৰে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, "হায়দৰাবাদত হাজাৰ হাজাৰ লোকে পুৱা যোগ প্ৰদৰ্শন কৰিবলৈ ওলাই অহা দেখি আমি অভিভূত হৈছোঁ । এনেধৰণৰ অভূতপূর্ব সঁহাৰিয়ে যোগ আন্দোলনত যোগদান কৰিবলৈ আৰু বহুতকে উৎসাহিত কৰিব । যোগে আমাৰ স্বাস্থ্য আৰু মনৰ উৎকৰ্ষ সাধন কৰে । মানৱ সমাজৰ বাবে যোগৰ উপকাৰিতা অনস্বীকার্য ।" সেয়েহে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগৰ বিশ্বজনীন প্ৰসাৰৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে বুলি তেওঁ উল্লেখ কৰে ।

ইফালে, অনুষ্ঠানটোৰ অভূতপূর্ব সফলতাই ২১ জুনত কৰ্ণাটকৰ মাইছুৰুত অনুষ্ঠিত হ'বলগীয়া অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীক অধিক গতিশীলতা প্ৰদান কৰিব বুলি তেওঁ কয় । য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ বিশ্বৰ যোগ উৎসাহী আৰু অনুশীলনকাৰী সকলৰ দ্বাৰা প্ৰদৰ্শিত হ'বলগীয়া যোগৰ বিস্তৃত উদযাপনৰ নেতৃত্ব বহন কৰিব ।

যোগক জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তোলক : সৰ্বানন্দ সোণোৱাল

তেওঁ লগতে কয় যে, যোগ উৎসৱৰ উদ্দেশ্যে হৈছে ভাৰতৰ হাজাৰ হাজাৰ বছৰৰ সভ্যতাৰ এক আশ্চৰ্যকৰ উপহাৰ যোগক আঁকোৱালি ল'বলৈ জনসাধাৰণক উৎসাহিত কৰা । যাতে তেওঁলোকে জীৱনৰ মান সমৃদ্ধ কৰিব পাৰে আৰু এক সুস্থ জীৱনৰ অধিকাৰী হ'ব পাৰে । আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস-২০২২ৰ ১০০ দিনৰ গণনা উপলক্ষে উদ্বোধনী অনুষ্ঠানটো ১৩ মাৰ্চত উদযাপন কৰা হৈছিল ।

আনহাতে দিল্লীৰ লালকিল্লাত ৭৫ দিনৰ গণনা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল । ইয়াৰ পিছতে ২ মে'ত শিৱসাগৰৰ ঐতিহ্যমণ্ডিত শিৱদৌলৰ চৌহদত ৫০ দিনীয়া গণনা অনুষ্ঠান অনুষ্ঠিত হয় ।

যোগক জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তোলক : সৰ্বানন্দ সোণোৱাল

উল্লেখ যে, ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মুখ্য অনুষ্ঠান কৰ্ণাটকৰ মাইছুৰুত অনুষ্ঠিত হ'ব(International Yoga Day in Karnataka at Mysuru), য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমূহীয়া যোগ প্ৰদৰ্শনৰ নেতৃত্ব দিব (PM Modi will present at International Yoga Day)।

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে জনায় যে, 'আজাদী কা অমৃত মহোৎসৱ'ৰ (Azadi Ka Amrit Mahotsav)সৈতে সংগতি ৰাখি আয়ুষ মন্ত্ৰাণালয়ে সমগ্ৰ দেশৰ ৭৫টা ঐতিহাসিক স্থানত যোগ অনুষ্ঠান পালনৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই ৭৫টা স্থানত ২৫ কোটিতকৈও অধিক লোকে যোগ প্রদর্শন কৰাটো নিশ্চিত হৈছে ।

যোগক জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তোলক : সৰ্বানন্দ সোণোৱাল

তদুপৰি তেওঁ কয় যে, এই বছৰৰ ২১ জুনত আন এক আকর্ষণ হ'ব গাৰ্জেন ৰিং- এক বিশেষ ৰীলে যোগ ষ্ট্ৰীমিং অনুষ্ঠান যি বিদেশতো ভাৰতীয় মিছনৰ দ্বাৰা আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীৰ ডিজিটেল ফীড একত্ৰিত কৰি সম্প্ৰচাৰ কৰিব । এই প্ৰস্তাৱিত পৰিকল্পনা হৈছে স্থানীয় সময় অনুসৰি পুৱা ৬ বজাত সূর্যোদয়ৰ দেশ জাপানৰ পৰা ষ্ট্ৰীমিং আৰম্ভ কৰা ।

অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পৰিপ্ৰেক্ষিতত আয়ুষ মন্ত্ৰাণালয়ৰ দ্বাৰা বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । যাতে সমগ্ৰ বিশ্বৰ জনসাধাৰণলৈ যোগৰ বাৰ্তা প্ৰসাৰিত হয় । তদুপৰি যোগ আন্দোলনৰ পৰিধিৰ ভিতৰত দেশৰ সকলো গাঁও পঞ্চায়তক জড়িত কৰোৱাৰ বাবেও আয়ুষ মন্ত্রালয়ে পৰিকল্পনা কৰিছে ।

লগতে পঢ়ক :Transfer of six high court judges: উচ্চ ন্যায়ালয়ৰ 6 ন্যায়াধীশৰ বদলিকৰণ

ABOUT THE AUTHOR

...view details