গুৱাহাটী, ৯ অক্টোবৰ: কেন্দ্ৰীয় আয়ুষ তথা কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে মেঘালয়ৰ ৰিভয় জিলাৰ বৰাপানীৰ সমীপত উত্তৰ-পূৰ্বাঞ্চলীয় আয়ুৰ্বেদ আৰু হোমিঅ'পেথী প্ৰতিষ্ঠানৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে । ২০১৬ চনত স্থাপিত এই প্ৰতিষ্ঠানখনৰ অধীনস্থ ২ খন আয়ুৰ্বেদিক তথা হোমিঅ'পেথী মহাবিদ্যালয়ত উচ্চশিক্ষাৰ ব্যৱস্থা থকাৰ লগতে দুখন চিকিৎসালয়ে জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়াই আহিছে ।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুষ্ঠানত অংশ গ্ৰহণ কৰি কয়-' উত্তৰ-পূৰ্বাঞ্চলে দেশৰ অর্থনৈতিক বিকাশৰ নিৰন্তৰ যাত্ৰাত এক গুৰুত্বপূর্ণ সম্ভাৱনা বহন কৰিছে। আয়ুষ খণ্ডতো যথেষ্ট চহকী এই উত্তৰ-পূব ক্ষেত্ৰত মজুত আছে দেশৰ হিতৰ বাবে ব্যৱহাৰ হ'ব পৰা বিভিন্ন সুযোগ-সম্ভাৱনা । পৰম্পৰাগত চিকিৎসা পদ্ধতি আৰু সমৃদ্ধ ঔষধি উদ্ভিদৰ বৈচিত্র্য অঞ্চলটোত আয়ুষ আধাৰিত উদ্যোগ সমূহৰ বিকাশৰ বাবে অনুঘটক হিচাপে কাম কৰাৰ যথেষ্ট থল আছে ।
লগতে পঢ়ক:ৰাজকন্যা বৰুৱা কাণ্ডই জোকাৰি গৈছে ৰাজ্য:নাম সাঙোৰ খাইছে ৰৌ-বৰালিৰ
'তেওঁ লগতে কয়-' প্ৰকৃতি আৰু আয়ুষৰ সম্পর্ক ওতঃপ্ৰোত। প্ৰকৃতিৰ মাজত আয়ুষ চিকিৎসা প্ৰণালীৰ বিভিন্ন সম্ভাৱনা মজুত হৈ আছে । সেয়েহে ঔষধি বৈচিত্র্যতাৰে সমৃদ্ধ উত্তৰ-পূৰ্বাঞ্চলৰ আয়ুষ খণ্ডক ত্বৰান্বিত কৰাত আয়ুষ মন্ত্ৰণালয়ে বিশেষ গুৰুত্ব আৰোপ কৰিছে।'সহস্ৰ বছৰজোৰা পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি সোণোৱালে প্ৰতিষ্ঠানখনত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষার্থীসকলক আধুনিক ধ্যান-ধাৰণাৰে আয়ুষ সম্পর্কীয় গৱেষণা, অধ্যয়ন আৰু সুযোগ-সম্ভাৱনাৰ অন্বেষণ কৰিবলৈ আহ্বান জনায় ।
প্ৰতিষ্ঠানৰখনত শীঘ্ৰে স্নাতকোত্তৰ মহলা আৰম্ভ কৰাৰ লগতে অত্যাধুনিক আন্তঃগাঁথনি গঢ় দিয়া হ'ব বুলি সোণোৱালে ভাষণ প্ৰসংগত উল্লেখ কৰে। লগতে আয়ুৰ্বেদৰ ইণ্টাৰনীৰ সমানেই হোমিঅ'পেথী ইণ্টাৰনীসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব বুলিও তেখেতে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে। প্ৰতিষ্ঠানখনৰ সৰ্বাংগীণ উন্নয়নৰ বাবে আয়ুষ মন্ত্ৰণালয়ৰ তৰফৰ পৰা যাৱতীয় সকলো সহযোগিতা আগবঢ়োৱা হ'ব বুলি তেখেতে আশ্বাস দিয়ে ।