অসম

assam

ETV Bharat / state

Namghar Samaroh: নামঘৰসমূহ আমাৰ সমাজ জীৱনৰ প্ৰাণকেন্দ্ৰ স্বৰূপ: সোণোৱাল - Mahapurush Srimanta Sankaradeva

উত্তৰ গুৱাহাটীৰ আউনীআটী শাখাসত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত নামঘৰ সমাৰোহত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (Brabch of Auniati Satra)। সমাৰোহত উপস্থিত থাকি সোণোৱালে কয় যে নামঘৰসমূহ আমাৰ সমাজ জীৱনৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ।

Namghar Samaroh
নামঘৰসমূহ আমাৰ সমাজ জীৱনৰ প্ৰাণকেন্দ্ৰ স্বৰূপ:সোণোৱাল

By

Published : Dec 4, 2022, 2:22 PM IST

গুৱাহাটী, ৪ ডিচেম্বৰ:উত্তৰ গুৱাহাটীৰ আউনীআটী শাখাসত্ৰত যোৱা ২ ডিচেম্বৰৰপৰা তিনিদিনীয়াকৈ অনুষ্ঠিত নামঘৰ সমাৰোহে ভক্তিৰসেৰে মুখৰিত কৰিছে চৌদিশ (Namghar Samaroh At Uttag Guwahati)। আধ্যাত্মিকতাৰে প্ৰাণৱন্ত হৈ পৰা এই সুমধুৰ পৰিৱেশত শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয় উক্ত নামঘৰ সমাৰোহত (Sarbananda Sonowal at Namghar Samaroh)। তেওঁ নাগাৰা নাম, দিহা নাম, অগণন ভক্তৰ অংশগ্ৰহণ আদিৰে উদুলি-মুদুলি পৰিৱেশত আহ্লাহিত হৈ পৰে ।

উক্ত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়, "বৃহত্তৰ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভক্তিৰ মাজেৰে শান্তি-সম্প্ৰীতি, মানৱতাবোধ আৰু ভাতৃত্ববোধৰ মহৎ বাৰ্তা সঞ্চাৰ কৰি থৈ গৈছে (Mahapurush Srimanta Sankaradeva)। গুৰুজনাই নামঘৰ প্ৰতিষ্ঠাৰে এক আধ্যাত্মিক নৱজাগৰণৰ সৃষ্টি কৰাই নহয়, সমাজ সংস্কাৰৰ জৰিয়তে বিভিন্ন জাতি-জনগোষ্ঠীক একতাৰ ডোলেৰেও বান্ধি থৈ গৈছে" ৷

নামঘৰসমূহ আমাৰ সমাজ জীৱনৰ প্ৰাণকেন্দ্ৰ স্বৰূপ:সোণোৱাল

তেওঁ পুনৰ কয় যে, নামঘৰসমূহ আমাৰ সমাজ জীৱনৰ প্ৰাণকেন্দ্ৰস্বৰূপ । আউনীআটী সত্ৰৰ উদ্যোগত আয়োজিত তিনিদিনীয়া নামঘৰ সমাৰোহলৈ অসমৰ উপৰি ওচৰ-চুবুৰীয়া ৰাজ্য আৰু দেশ-বিদেশৰ অজস্ৰ ভক্তিপ্ৰাণ লোকৰ আগমন হোৱাটো অতি আনন্দৰ বতৰা বুলি তেওঁ মন্তব্য় কৰে ।

মন্ত্ৰী সোণোৱালে পুনৰ কয় যে, গুৰুজনাই তাহানিতে আধ্যাত্মিক, সামাজিক, সাংস্কৃতিকভাৱে নৱজাগৰণৰ সূচনা কৰি অসমীয়া জাতিক পথ প্ৰদৰ্শন কৰি গৈছে । গুৰুজনাই আমাক দি যোৱা মূল্যবোধ, চহকী সাংস্কৃতিক সমল আৰু আধ্যাত্মিক চেতনাশক্তিক আমি জাগ্ৰত কৰি ৰাখি সমাজ গঢ়াৰ যাত্ৰাত ঐক্যবদ্ধভাৱে আগুৱাই যাব লাগিব বুলি উল্লেখ কৰে তেওঁ ৷

নামঘৰসমূহ আমাৰ সমাজ জীৱনৰ প্ৰাণকেন্দ্ৰ স্বৰূপ:সোণোৱাল

সোণোৱালে কয়,"ভক্তিত আছে শক্তি, শান্তি । বিজ্ঞান-প্ৰযুক্তিৰ এই যুগত আমি ভক্তি আৰু সম্প্ৰীতিৰ মাজেৰে মানৱীয় প্ৰমূল্যবোধক জীয়াই ৰাখিব লাগিব । এখন শক্তিশালী সমাজ গঢ়িবৰ বাবে আধ্যাত্মিকতা এক অবিচ্ছেদ্য অংগ । মানসিক-শাৰীৰিক উৎকৰ্ষ সাধনত আধ্যাত্মিকতাৰ শক্তি অনস্বীকাৰ্য ।" গুৰুজনাৰ মহৎ আদৰ্শক সাৰোগত কৰি আমি বৃহত্তৰ অসমীয়া সমাজখনক শক্তিশালী কৰি বিশ্বৰ বুকুত উজলাই তুলিব লাগিব বুলি তেওঁ কয় ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী, ডেকা সত্ৰাধিকাৰ আদি (Satraadhikar of Auniati Satra)।

লগতে পঢ়ক:Sarbananda Sonowal reacts on Ajmal: সমাজত অশান্তি সৃষ্টি কৰা লোকক কঠোৰ হাতেৰে দমন কৰিব লাগে: সোণোৱাল

ABOUT THE AUTHOR

...view details