অসম

assam

ETV Bharat / state

MODI@20 ড্রীমছ মিট ডেলিভাৰী শীর্ষক আলোচনাচক্ৰত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল - Union Minister Sarbananda Sonowal

শ্বিলঙৰ উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়ত অনুষ্ঠিত "MODI@20 ড্ৰীমছ মিট ডেলিভাৰী" শীর্ষক আলোচনা চক্ৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal at MODI at 20 Dreams Meet Delivery seminar in Shillong) ৷ আলোচনাচক্ৰখনৰ মূল বিষয় আছিল "MODI@20: ড্ৰীমছ মিট ডেলিভাৰী" শীর্ষক এখন জনপ্ৰিয় গ্ৰন্থৰ বিষয়বস্তু ।

Sarbananda Sonowal at MODI@20 Dreams Meet Delivery seminar in Shillong
MODI@20 ড্রীমছ মিট ডেলিভাৰী শীর্ষক আলোচনাচক্ৰত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

By

Published : Sep 10, 2022, 10:27 PM IST

গুৱাহাটী, 10 ছেপ্টেম্বৰ: কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে শ্বিলঙৰ উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত "MODI@20 ড্ৰীমছ মিট ডেলিভাৰী" শীর্ষক এখন আলোচনা চক্ৰত অংশগ্ৰহণ কৰে (Union Minister Sarbananda Sonowal )। বিশ্ববিদ্যালয়খনৰ উপাচার্য অধ্যাপক প্ৰভা শংকৰ শুক্লা, জ্যেষ্ঠ অধ্যাপক আৰু গৱেষকসকলৰ লগতে বিশ্ববিদ্যালয়খনৰ শিক্ষকসকলৰ সৈতে বিশ্ববিদ্যালয়খনৰ ৩০০ৰো অধিক শিক্ষার্থীয়ে আলোচনাচক্ৰত অংশগ্ৰহণ কৰে (MODI at 20 Dreams Meet Delivery seminar at North Eastern Hill University)।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অন্যান্য গণ্যমান্য ব্যক্তিসকলৰ সৈতে বন্তি প্ৰজ্বলন কৰি আলোচনা চক্ৰখনৰ শুভাৰম্ভ কৰে । আলোচনাচক্ৰখনৰ মূল বিষয় আছিল "MODI@20: ড্ৰীমছ মিট ডেলিভাৰী" শীর্ষক এখন জনপ্ৰিয় গ্ৰন্থৰ বিষয়বস্তু । অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ গতিশীল নেতৃত্বত ভাৰতবৰ্ষৰ পৰিৱৰ্তন অভূতপূৰ্ব আৰু ঐতিহাসিক ৰূপত আমি দেখিবলৈ পাইছো । তেওঁৰ নেতৃত্বত দেশৰ অগণন লোকে একেলগে কাম কৰি এখন শক্তিশালী আৰু নতুন ভাৰতবৰ্ষ গঢ়ি তুলিবলৈ অনুপ্ৰাণিত হৈছে (Sarbananda Sonowal at MODI@20 Dreams Meet Delivery seminar)।

MODI@20 ড্রীমছ মিট ডেলিভাৰী শীর্ষক আলোচনাচক্ৰত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

ভাৰত আজি বহুমাত্ৰিকভাৱে বিকশিত হৈছে । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ দেশখন এক বিশাল তথা প্ৰভাৱশালী স্থিতিত উপনীত হৈছে । মোদীজীৰ বিশাল দৃষ্টিভংগীৰ সুবাদতে ভাৰতবৰ্ষই আজিৰ সমৃদ্ধ ৰূপ পাবলৈ সক্ষম হৈছে । কিন্তু, ইয়াতে সন্তুষ্ট নহৈ, তেওঁৰ সক্ষম নেতৃত্বত আমি এতিয়াও বহুত প্ৰাপ্তি কৰিবলৈ বাকী আছে ।

মোদীজীয়ে আমাক সকলোকে দিয়া মূলমন্ত্ৰ হৈছে, 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস' । য'ত ৰাষ্ট্ৰ নিৰ্মাণৰ উদ্দেশ্যে নিজকে নিমজ্জিত কৰি এক নতুন ভাৰতৰ ৰূপ দিয়াৰ বাবে আহ্বান জনোৱা হৈছে । উত্তৰ-পূব ভাৰতৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয়, "মই উত্তৰ-পূব ছাত্ৰ সন্থা (নেছ')ৰ অংশ হৈ থকা দিনবোৰত অনুভৱ কৰিছিলো কেনেকৈ অঞ্চলটোৰ উন্নয়নৰ বাবে দিল্লীয়ে কোনো আগ্ৰহ প্ৰকাশ কৰা নাছিল ।

MODI@20 ড্রীমছ মিট ডেলিভাৰী শীর্ষক আলোচনাচক্ৰত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লোকসকল সেই সময়ত ক্ষমতাত থকা লোকসকলৰ উদাসীনতাৰ বাবে চৰম দুৰ্দশাত ভুগিবলগীয়া হৈছিল । যেতিয়া ২০১৪ চনৰ পৰা মোদীজীয়ে দেশৰ নেতা হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত এই সকলোবোৰ সলনি হোৱা পৰিলক্ষিত হৈছে ।

জৈৱ-বৈচিত্ৰতাৰে ভৰপূৰ অসম, মেঘালয়কে আদি কৰি ইয়াৰ আটাইকেইখন ৰাজ্যত অপাৰ সম্ভাৱনা লুকাই আছে । আয়ুস ক্ষেত্ৰত দেশৰ ভিতৰতে উত্তৰ পূৰ্বাঞ্চল এখন অগ্ৰণী ক্ষেত্ৰ হিচাপে চিহ্নিত হ'ব পাৰে ।" অনুষ্ঠানত বিশ্ববিদ্যালয়খনত অধ্যয়নৰত অসমৰ ছাত্ৰ গোটকে ধৰি বিভিন্ন ছাত্ৰ গোটে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে ।

লগতে পঢ়ক:সদৌ অসম উকীল সন্থাক 10 কোটি টকাৰ আৰ্থিক সহায় আগবঢ়াব চৰকাৰে: মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details