অসম

assam

ETV Bharat / state

শনিবাৰে মন্ত্ৰীৰূপে শপত ল’ব বিধায়ক সঞ্জয় কিষাণ আৰু বিধায়ক যোগেন মহনে - SOSNOWAL CABINET ASSAM

বিগত লোকসভা নিৰ্বাচনত দুই মন্ত্ৰী ক্ৰমে তপন গগৈ আৰু পল্লৱলোচন দাস সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছৰে পৰাই সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাত এই দুখন আসন খালি হৈ আছিল ৷ শনিবাৰে সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীৰূপে শপত ল’ব তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ আৰু মাহমৰাৰ বিধায়ক যোগেন মহনে। ইতিমধ্যে শপত গ্ৰহণৰ বাবে ৰাজভৱন সাজু কৰি তোলা হৈছে ।

sarbanada sonowal ministry expansion
শনিবাৰে মন্ত্ৰীৰূপে শপত ল’ব বিধায়ক সঞ্জয় কিষাণ আৰু বিধায়ক যোগেন মহনে

By

Published : Jan 17, 2020, 6:35 PM IST

গুৱাহাটী,17 জানুৱাৰীঃ অৱশেষত মন্ত্ৰীসভাত খালি হৈ থকা দুখন আসন শনিবাৰে পূৰ কৰিবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। শনিবাৰে সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীৰূপে শপত ল’ব তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ আৰু মাহমৰাৰ বিধায়ক যোগেন মহনে । ইতিমধ্যে শপত গ্ৰহণৰ বাবে ৰাজভৱন সাজু কৰি তোলা হৈছে ।

বিধায়ক যোগেন মহন

উল্লেখ্য যে বিগত লোকসভা নিৰ্বাচনত দুই মন্ত্ৰী ক্ৰমে তপন গগৈ আৰু পল্লৱলোচন দাস সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছৰে পৰাই সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাত এই দুখন আসন খালি হৈ আছিল ৷ অৱশ্যে পূৰ্বৰে পৰা সোণোৱালে তেওঁৰ মন্ত্ৰীসভাত খালি ৰাখিছিল আন এখন আসন। সেই অনুসৰি তিনিখন আসন খালি হৈ আছে যদিও তাৰে দুখনহে শনিবাৰে পুৰণ কৰা হ'ব। নতুনকৈ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'বলগীয়া সঞ্জয় কিষাণ আৰু যোগেন মহন দুয়োজনেই এইবাৰ প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছিল।

বিধায়ক সঞ্জয় কিষাণ

লগতে পঢ়ক- কেন্দ্ৰৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ এনডিএফবি (এছ)ৰ

ABOUT THE AUTHOR

...view details