গুৱাহাটী,২০ জানুৱাৰী:সকলোকে কন্দুৱাই অজান মুলুকলৈ যাত্ৰা কৰিলে জ্ঞানপীঠ বঁটা বিজয়ী কাব্যঋষি নীলমণি ফুকনে(Nilmani Phookan is no more) । যশস্বী কবিগৰাকীক হেৰুৱাই ম্ৰিয়মাণ ৰাজ্যৰ সাহিত্যিক সমাজ(Jnanpith awardee Nilmani Phookan) । ওৰেটো জীৱন অসমীয়া ভাষা আৰু কবিতাৰ সাধনাত ব্ৰতী মহান কবিগৰাকীৰ দেহাৱসানত ৰাজনৈতিক জগততো পৰিছে গভীৰ শোকৰ ছাঁ । শুকুৰবাৰে কাব্যঋষি নীলমণি ফুকনৰ গুৱাহাটীৰ মালিগাঁওস্থিত বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Sarbanada Sonowal at Nilmani Phookan home) ।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ সদ্যপ্ৰয়াত কবিগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে । লগতে কবিৰ শোকস্তব্ধ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰে । সাংবাদিকৰ আগত সোণোৱালে কয়- "ওৰেটো জীৱন কবিতাৰ বাবে উৎসৰ্গা কৰি অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধময় কৰি যোৱা কাব্যঋষি নীলমণি ফুকনদেৱৰ প্ৰয়াণত আমি অত্যন্ত ম্ৰিয়মাণ । তেওঁৰৰ আত্মাই বৈকুণ্ঠত চিৰশান্তিৰে বিৰাজ কৰক, তাৰেই কামনা কৰিছোঁ ।"
শ্ৰদ্ধাৰ নীলমণি ফুকনৰ ঋষিতুল্য ব্যক্তিত্ব আৰু মৌমিঠা সৃষ্টিসম্ভাৰ জনজীৱনৰ বুকুত যুগ-যুগান্তৰলৈ সজীৱ হৈ ৰ'ব বুলিও উল্লেখ কৰে সোণোৱালে । লগতে তেওঁ কয় যে তেওঁক যেতিয়া পূৰ্বতে লগ কৰিছিল তেওঁ সদায় অসমৰ ভাষা সংস্কৃতিক ৰক্ষা কৰাৰ কথা কৈছিল । অসমীয়া ভাষাক ৰক্ষা কৰাৰ কথা কৈছিল । তেওঁৰ জাতিটোৰ প্ৰতি আকুণ্ঠ ভালপোৱা আছিল বুলি মত প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।