গুৱাহাটী, 12 ফেব্ৰুৱাৰী :বুধবাৰে শংকৰদেৱ কলাক্ষেত্ৰত মুকলি কৰা হ'ল জ্ঞান দিপীকা জলপানী আঁচনি ৷ এই আঁচনিৰ জৰিয়তে সামৰি লোৱা হ'ব অসমৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ আৱাসত থাকি অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলক ৷ অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ভৱেশ কলিতা ৷ এই আঁচনিৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল বহু পৰিমাণে উপকৃত হ'ব বুলি মত প্ৰকাশ কৰে সৰ্বানন্দ সোণোৱালে । এই অনুষ্ঠানতে হিন্দুস্তান পেপাৰ কৰ্পৰেচনৰ কৰ্মচাৰীৰ অধ্যয়নৰত সন্তানক এককালীন শৈক্ষিক অনুদান প্ৰদান কৰে চৰকাৰে ৷ অনুষ্ঠানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত হিমন্ত বিশ্ব শৰ্মাই কয় যে,ৰাজ্যত অচিৰেই বন্ধ কৰা হ'ব সংস্কৃত টোল আৰু মাদ্ৰাছা ৷ এই ধৰণৰ সকলো ধৰ্মীয় শিক্ষানুষ্ঠান বন্ধ কৰি সেই সমূহ হাইস্কুলৰ সৈতে চামিল কৰা হ'ব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ এই সমূহ বিদ্যালয়ৰ শিক্ষকসকলে ঘৰতে বহি দৰমহা লাভ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷
শিক্ষাখণ্ডৰ কিছু পৰিৱৰ্তন সাধনৰ কথা উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে,বৰ্তমান বিশ্ববিদ্যালয়,মহাবিদ্যালয়ৰ হোষ্টেলত থাকি অধ্যয়ন কৰা ছাত্ৰী-ছাত্ৰীক 50 শতাংশ মেচ ডিউচ প্ৰদান কৰা হৈছে আৰু ভৱিষ্যতে এই পৰিমাণ বৃদ্ধি কৰা হ'ব ৷ বৰ্তমানলৈকে উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰা হৈছে আৰু আগন্তুক বৰ্ষত স্নাতক পৰ্যায়ত বিনামূলীয়া পাঠ্য-পুথিৰ ব্যৱস্থা কৰা হ'ব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷