নিউজ ডেক্স, ৬ অক্টোবৰ : বুধবাৰে সমগ্ৰ দেশতে উদযাপন কৰা হয় বিজয়া দশমী বা দশেৰা । আনন্দ-উল্লাসৰ মাজেৰে দেশবাসীয়ে দুৰ্গতনাশিনী দুৰ্গাক অশুভ শক্তিক দমনৰ উদ্দেশ্যে অকাল বোধনেৰে আমন্ত্ৰণ জনাই দশমীত বিসৰ্জন দিয়ে (Vijaya Dashami celebrated in Assam) । সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হয় বিজয়া দশমী (Dashehra celebrated in across India) ।
তাৰ সমান্তৰালভাৱে বুধবাৰৰ দিনটোতেই পালন কৰা হয় অসমৰ সমাজ, সাহিত্য, সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠাতা তথা নৱবৈষ্ণৱ আন্দোলনৰ গুৰি ধৰোঁতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী (574th birth anniversary of Sankardev) । বৈষ্ণৱধৰ্মী লোকসকলৰ লগতে অসমৰ সৰ্বসাধাৰণ লোকেও জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মদিনটোত তেওঁৰ আদৰ্শৰাজিক শ্ৰদ্ধাৰে স্মৰণ কৰে ।
শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী উপলক্ষে ভক্তিৰসেৰে জীপাল হৈ উঠে ৰাজ্যৰ নামঘৰসমূহ । লগতে নামধৰ্মৰ অমিয় বাণীৰে মুখৰিত হৈ পৰে ৰাজ্যৰ চৌদিশ। অসমৰ লগতে দেশ তথা বিদেশৰো বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আৱিৰ্ভাৱ তিথি (Sankardev birth anniversary celebrated in Assam) ।
নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী উপলক্ষে ৰাজ্যৰ সত্ৰ-নামঘৰসমূহত বুধবাৰে পুৱাৰে পৰা মুখৰিত হৈ পৰে হৰিনামৰ ধ্বনিৰে ৷ ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে নলবাৰীতো বুধবাৰে দেখা পোৱা যায় একেই পৰিবেশ (Sankardev birth anniversary celebrated in Nalbari) ৷ নলবাৰীৰ বালিকৰিয়া মালিপাৰা শঙ্কৰদেৱ নামঘৰত ভকত-বৈষ্ণৱসকলে নাম-কীৰ্তন কৰি, চাকি-বন্তি জ্বলাই, হৰিনামৰ ধ্বনিৰে গুৰুজনাক সেৱা জনায় ।
ভকত-বৈষ্ণৱৰ ঘৰৰ পদূলিত কলগছৰ তলত চাকি জ্বলাই গুৰুজনাৰ শ্ৰীচৰণত শৰাই আগঢ়ায় । নলবাৰীৰ বালিকৰিয়া মালিপাৰা শঙ্কৰদেৱ নামঘৰত পুৱা ধৰ্মীয় পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ আৰম্ভ কৰা হয় । ইয়াৰ পিছত উলিওৱা হয় ভাগৱত শোভাযাত্ৰা ৷ আনহাতে, নলবাৰী জিলাৰ মৰোৱা সন্ধা, ঘগ্ৰাপাৰ, বৰতলাৰ নামঘৰসমূহতো নাম-কীৰ্তন, হৰিনামৰ ধ্বনি, ধৰ্মীয় শোভাযাত্ৰা আদিৰে পালন কৰা হয় গুৰুজনাৰ জন্মজয়ন্তী ।