নিউজ ডেস্ক, ১৬ অক্টোবৰ :নব্বৈৰ দশকত ‘‘মেইনে প্যাৰ কিয়া’’ ছবিখনত নায়িকাৰ অভিনয়ৰে দেশে-বিদেশে আলোড়নৰ সৃষ্টি কৰা তথা বলিউডৰ সৌন্দৰ্যৰ ৰাণী হিচাপে জনপ্ৰিয় হৈ পৰা মোহময়ী অভিনেত্ৰী ভাগ্যশ্ৰীয়ে আজি বিশ্বৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰ তথা অসম কন্যা সংযুক্তা দত্তৰ মেখেলা চাদৰ পিন্ধি খোজ দিলে ৰেম্পত (Actress Bhagyashree wearing Fashion designer Sanjukta Dutta dress) ।
মুম্বাইত অনুষ্ঠিত লেকমে ফেশ্বন শ্ব’ত (Lakme Fashion show) অসমৰ চহকী ৰেচমী সূতাৰে পৰম্পৰাগত আৰু আধুনিকতাৰ আকৰ্ষণীয় সংমিশ্ৰণেৰে থলুৱা তাঁতশালত প্ৰস্তুত কৰা সংযুক্তা দত্তৰ শেহতীয়া ডিজাইন ‘পলাশ’ শীৰ্ষক চাদৰ মেখেলা পিন্ধি ভাগ্যশ্ৰীয়ে ৰেম্পত দিয়া কেট ৱাক আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে । ‘পলাশ’ৰ কলাৰঙী মেখেলা চাদৰ যোৰে ৰেম্পত ভাগ্যশ্ৰীক পুনৰবাৰ সৌন্দৰ্যৰ ৰাণী হিচাপে উজলাই তোলে (Assamese traditional Mekhela Sador) ।
‘‘অসমৰ থলুৱা বস্ত্ৰ সম্ভাৰক দুহাতৰ পৰশৰে প্ৰাণ দি অতি নিটোল ৰূপত তৈয়াৰ কৰা ৰেচমী মেখেলা চাদৰৰ স্ৰষ্টা ডিজাইনাৰ সংযুক্তা দত্তৰ সৈতে সংযুক্ত হৈ পাই নিজকে ধন্য মানিছো । অসমৰ বহু থলুৱা শিপিনীক এখন নিৰাপদ কৰ্মক্ষেত্ৰৰ বাট মুকলি কৰি দিয়া সংযুক্ত দত্তৰ এই প্ৰয়াস নিঃসন্দেহে শলাগ ল’বলগীয়া । ডিজাইনাৰ সংযুক্তা দত্তলৈ মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আশা কৰিছো অনাগত দিনত যেন এই যাত্ৰা অধিক ফলপ্ৰসু হয়’’ ।
ৰেম্পত কেট ৱাক কৰাৰ পাচতে অসম কন্যা সংযুক্তাৰ ডিজাইন সন্দৰ্ভত এনদৰে প্ৰশংসাত গদ গদ হৈ পৰে একালৰ বলিউদৰ সৌন্দৰ্য ৰাণী ৰূপে খ্যাত অভিনেত্ৰী ভাগ্যশ্ৰীয়ে । ইপিনে, ভাগ্যশ্ৰীয়ে তেওঁৰ ডিজাইনৰ মেখেলা চাদৰ পিন্ধি লেকমে ফেশ্বন উইকৰ (Lakme Fashion Week) ৰেম্পত খোজ দিয়াটো জীৱনৰ এক চিৰস্মৰণীয় মুহূৰ্ত বুলি অভিহিত কৰি সাম্প্ৰতিক বিশ্বৰ ফেশ্বন ডিজাইন জগতখনৰ অন্যতম ব্যস্ত ডিজাইনাৰ, অসম কন্যা সংযুক্তা দত্তই ৷
লগতে পঢ়ক :Mili trailer: জীয়াই থকাৰ আপ্ৰাণ চেষ্টা চলাইছে জাহ্নৱী কাপুৰে
তেওঁ কয়, ‘‘এয়াতো মোৰ বাবে অন্যতম সফল প্ৰাপ্তি । মোৰ ডিজাইনৰ অভিনৱ সম্ভাৰ ‘পলাশ’ৰ মেখেলা চাদৰ পিন্ধি লেকমী ফেশ্বন উইকৰ ৰেম্পত খোজ দিছে বলিউডৰ সৌন্দৰ্য ৰাণী ভাগ্যশ্ৰী ৷ ইয়াতকৈ আৰু সুখৰ উৎস আন কি হ’ব পাৰে‘‘ ৷ এনে এখন বিশ্বৰ আগশাৰীৰ মঞ্চত অসমৰ চিৰযুগমীয়া বস্ত্ৰ সম্ভাৰ প্ৰদৰ্শন কৰিব পোৱাটো অসমবাসীৰ বাবেই এক বৰ্ণিল সুযোগ বুলি লগতে মন্তব্য কৰে ডিজাইনাৰ দত্তই (Fashion designer Sanjukta Dutta) ।