অসম

assam

ETV Bharat / state

সঞ্জীৱ শৰ্মা আৰু ধনজিৎ দাসক মৃত্যুদণ্ড আলফা(স্বা)ৰ - Sanjiv Sarma was the spy of Assam Police

চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত মৃত্যুদণ্ড বিহা হৈছে সঞ্জীৱ শৰ্মা ওৰফে ঋষভ অসম আৰু তেওঁৰ সহযোগী ধনজিৎ দাস ওৰফে ৰূপক অসমক(Sanjiv Sarma and Dhanjit Das sentenced to death by ULFA independent) ৷ মৃত্যুৰ পূৰ্বে দুয়োগৰাকীৰ স্বীকাৰোক্তিৰ এক ভিডিঅ’ প্ৰকাশ কৰিছে আলফা(স্বা) য়ে ৷

Sanjiv Sarma and Dhanjit Das sentenced to death by ULFA independent
সঞ্জীৱ শৰ্মা আৰু ধনজিৎ দাসক মৃত্যুদণ্ড আলফা(স্বা) ৰ

By

Published : May 7, 2022, 10:06 AM IST

Updated : May 7, 2022, 12:37 PM IST

নিউজ ডেস্ক, 7 মে’ : মৃত্যুদণ্ড বিহা হৈছে আলফা(স্বা) ৰ দুগৰাকী সদস্যক ৷ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত মৃত্যুদণ্ড বিহা হৈছে সঞ্জীৱ শৰ্মা ওৰফে ঋষভ অসম আৰু তেওঁৰ সহযোগী ধনজিৎ দাস ওৰফে ৰূপক অসমক(Sanjiv Sarma and Dhanjit Das sentenced to death by ULFA independent) ৷ মৃত্যুৰ পূৰ্বে দুয়োগৰাকীৰ স্বীকাৰোক্তিৰ এক ভিডিঅ’ প্ৰকাশ কৰিছে আলফা(স্বা) য়ে ৷ এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰি সংগঠনটোৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে এক বিবৃতি ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে বাইহাটাৰ যুৱক সঞ্জীৱ শৰ্মাৰ দ্বাৰা প্ৰকাশিত কেইবাটাও ভিডিঅ’য়ে তোলপাৰ লগাইছিল সমগ্ৰ ৰাজ্য ৷ ভিডিঅ’টোৰ মতে, অসম আৰক্ষী আৰু ভাৰতীয় সেনা বাহিনীৰ গুপ্তচৰ আছিল বাইহাটা চাৰিআলিৰ মুক্তাপুৰৰ মুনীন্দ্ৰ শৰ্মাৰ পুত্ৰ সঞ্জীৱ শৰ্মা(Sanjiv Sarma was the spy of Assam Police and Indian Occupation Force) ৷

লগতে চাওক:আলফাৰ ঘাটিত আৰক্ষীৰ চোৰাংচোৱা ! চাঞ্চল্যকৰ ভিডিঅ’ প্ৰকাশ

আলফা(স্বা)ৰ অভিযোগ অনুসৰি, অসম আৰক্ষী আৰু ভাৰতীয় সেনা বাহিনীৰ হৈ আলফা(স্বা)ৰ বিৰুদ্ধে কাম কৰিছিল সঞ্জীৱে ৷ এই কথা স্পষ্ট কৰি দিয়া(Ulfa independent nabs Assam police spy in camp) হৈছিল আলফা(স্বা) ৰ প্ৰচাৰ বিভাগৰ ফালৰ পৰাই ৷

সঞ্জীৱ শৰ্মা আৰু ধনজিৎ দাসক মৃত্যুদণ্ড আলফা(স্বা) ৰ

পৰৱৰ্তী সময়ত পুনৰ এটা ভিডিঅ’ প্ৰকাশ পাইছিল ৷ এই ভিডিঅ'টোত সঞ্জীৱ শৰ্মাই তেওঁৰ সৈতে কোন কোন জড়িত হৈ আছিল আৰু তেওঁলোকৰ মিছন কি, কিহৰ বাবে তেওঁক আলফা স্বাধীনলৈ প্ৰেৰণ কৰা হৈছিল, তাৰ বিষয়ে বহু কথাই সদৰি কৰিছিল ৷

লগতে চাওক:New Video of Sanjiv Sarma: গুপ্তচৰ সঞ্জীৱ শৰ্মাৰ নতুন ভিডিঅ' প্ৰকাশ আলফা স্বাধীনৰ

Last Updated : May 7, 2022, 12:37 PM IST

ABOUT THE AUTHOR

...view details